২০২৬ৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি

Share

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু বিজেপি।পূৰ্বতকৈ অধিক সক্ৰিয় কৰাৰ বাবে সাজু হৈ পৰিছে দলটো।আনহাতে অসমত বিজেপিৰ প্ৰাথমিক সদস্যৰ সংখ্যা ৬৩ লাখ ৬৫ হেজাৰলৈ বৃদ্ধি পাইছে।লগতে এতিয়ালৈ সক্ৰিয় সদস্যৰ সংখ্যা হৈছে ৭০ হেজাৰ।সম্প্ৰতি ৰাজ্যত বিজেপিৰ মুঠ ২৮ হেজাৰ বুথ সমিতিৰ ভিতৰত ২৬ হেজাৰ বুথ সমিতিৰ পূৰ্ণগঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হয়।লগতে ৩০ ডিচেম্বৰ পূৰ্বে ৰাজ্যত শেষ হ’ব বিজেপিৰ জিলা সমিতি গঠনৰ প্ৰক্ৰিয়া তাৰ পিছতেই ২০২৬ চনৰ বিধানসভা পৰিচালনা কৰিব পৰাকৈ নিযুক্ত বা মনোনীত হ’ব বিজেপিৰ নতুন ৰাজ্যিক সভাপতি।বিজেপিৰ নতুন সাংগঠনিক প্ৰক্ৰিয়াক লৈ অনুষ্ঠিত বৈঠকত অংশ লোৱাৰ বাবে ১২ডিচেম্বৰত বাজপেয়ী ভৱনত উপস্থিত হৈ বিজেপিৰ অন্যতম কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুনীল বাঞ্চাল।বাঞ্চালৰ লগতে সাংগঠিক বৈঠকখনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,ৰাজ্যিক প্ৰভাৰী হৰিশ দ্ধিবেদী,ৰাজ্যিক সাংগঠনিক সাধাৰন সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু,মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,জয়ন্তমল্ল বৰুৱা আদি।এই বৈঠকৰ মাজতে ১২ ডিচেম্বৰত বিজেপিৰ চাৰিজনকৈ নতুন মন্ত্ৰী ক্ৰমে প্ৰশান্ত ফুকন,ৰুপেশ গোৱালা,কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালক ৰাজ্যিক বিজেপিয়ে সম্বৰ্ধনা জনায়।এই বৈঠকৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়-বিজেপিৰ সম্পূৰ্ণ এটা নতুন সাংগঠনিক দলে ২০২৬ ৰ নিৰ্বাচনত নেতৃত্ব দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *