বিজেপিক নিচিহ্ন কৰি পেলাব ‘বিৰোধী মৰ্চা ইণ্ডিয়াই’ এই মন্তব্য সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেখ যাদৱৰ। বুধবাৰে সমাজবাদী নেতাজনে কয় যে, ইণ্ডিয়াই বিজেপিক কেৱল উত্তৰ প্ৰদেশৰ পৰাই নহয়, সমগ্ৰ দেশৰ পৰাই নিঃশেষ কৰি পেলাব। অখিলেখ যাদৱে দাবী কৰি কয় যে বিজেপি বিৰোধী মিত্ৰতাক লৈ উদিগ্ন হৈ আছে। লগতে বিৰোধী মৰ্চাৰ ‘ইণ্ডিয়া’ ৰখা নামটোক লৈও শংকিত হৈ পৰিছে শাসনাধিষ্ঠ চৰকাৰ বিজেপি।
উল্লেখ্য যে ২৬টাকৈ বিৰোধী দল লগ লাগি গঠন কৰিছে ‘বিৰোধী মৰ্চা ইণ্ডিয়া’।
২০১৪ চনত শাসনলৈ আহিছিল বিজেপি আৰু বিজেপিক ২০২৪ত পেকিং কৰি পঠিয়াই দিয়া হব। তেওঁ কয় যে মিত্ৰজোঁটৰ নাম-ইণ্ডিয়াই-”আমাৰ সংস্কৃতি আৰু ভাতৃত্ববোধৰ বাৰ্তাক বুজায়”।
২০২৪ চনত বিজেপি শাসনলৈ আহিবলৈ সকলো চেষ্টা অব্যাহত ৰাখিছে। কিন্তু এই চেষ্টাত বিজেপি এইবাৰ সফল নহয়। বিজেপিয়ে শাসনলৈ আহিবলৈ যিকোনো পথ বাছি লব পাৰে আনকি হিংসাৰ পথো। লগতে যাদৱে কয় যে, মণিপুৰৰ হিংসাও বিজেপিয়ে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। যাৰ বাবে মণিপুৰ জ্বলি আছে।
মণিপুৰৰ যি ঘটনা সংঘটিত হৈ গল দুই মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি অখিলেখ যাদৱে কয় যে, সেই মহিলাসকলৰ লগত শাসকীয় দলে কথা পাতিব লাগে। যদি কথা নাপাতে তেন্তে বিশ্বাস কৰিম যে মণিপুৰৰ ঘটনা বিজেপিৰ পূৰ্বৰ পৰিকল্পিত আছিল।