অসমত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ প্ৰচাৰ, হোটেল তাজ ভিভাণ্টত বিজেপি আৰু মিত্ৰদলৰ বাৰ্তালাপ

Share
৮ জুলাইঃ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দৌপদী মুৰ্মুৱে প্ৰচাৰ চলায়। হোটেল তাজ ভিভাণ্টত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ বিজেপি আৰু মিত্ৰদলৰ সাংসদ বিধায়কসকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে সকলোকে ভোট দিবলৈ আহ্বান জনায়। আনহাতে, এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে অগপৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োকে ধৰি বহুসংখ্যক সাংসক বিধায়কে মুৰ্মুক সম্বোধন জনায়। তেওঁ অৰুণাচললৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত অসমলৈ ঘুৰি আহে। অসমত উপস্থিত হৈ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। ইয়াৰ পিছতে হোটেল তাজ ভিভাণ্টত আয়োজিত অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে এগৰাকী আদিবাসী সম্প্ৰদায়ৰ মহিলা মুৰ্মুৱে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজি এই স্থানত উপনীত হৈছেহি। এনে এগৰাকী মহিলা দেশৰ ৰাষ্ট্ৰপতি হোৱাটো প্ৰতিজন দেড়শবাসীৰ বাবেই গৌৰৱৰ কথা বুলি উল্লেখ কৰি মুৰ্মুক শুভেচ্ছা জ্ঞাপন কৰে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *