বিৰোধীক শূণ্য কৰাৰ লক্ষ্য বিজেপিৰঃএজনৰ পিছত আনজন নেতাক গ্ৰেপ্তাৰ

Share

সমগ্ৰ দেশজুৰি চলিছে এক বিশেষ অভিযান।অৰ্থনৈতিক আৰু সামাজিক অস্থিৰ অৱস্থাৰ সুযোগ লৈ আৰম্ভ কৰিছে এই অভিযান।এই অভিযান কেৱল কংগ্ৰেছৰ ওপৰতে নহয়,ভাৰততো পৰিছে ইয়াৰ প্ৰভাৱ।

ৰাজ্যৰ সুৰা কেলেংকাৰীত জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিচোদিয়া কাৰাগাৰলৈ গৈছিল।মনীয চিচোদিয়াৰ পিছত পুনৰ আক্ৰমণ চলিল কংগ্ৰেছৰ ওপৰত।কংগ্ৰেছৰ শীৰ্ষক নেতা ৰাহুল গান্ধীয়ে কৰা এক আপত্তিজনক মন্তব্যৰ আধাৰত খাৰিজ কৰা হ’ল তেখেতৰ সাংসদ পদ।

১০ মে’ত কৰ্ণাটকত বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ কিছু সপ্তাহ পূৰ্বেই পুনৰাবৃত্তি ঘটিল নিৰ্বাচনত কংগ্ৰেছৰ বিশ্বাসী কৰ্মী তথা যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বিভিৰ বিৰুদ্ধে।তেখেতৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন হয়,সেই অভিযোগৰ ভিত্তিতেই আজি গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত উপস্থিত হ’ব লাগিব শ্ৰীনিৱাস।

একেদৰেই,বহুজন সমাজ পাৰ্টীৰ সাংসদ আজমল আনছাৰীয়ে এটা পুৰণি গোচৰত সাংসদ পদ হেৰুৱায়।সমগ্ৰ দেশতেই চলা এই অভিযানৰ অন্তত হয়তো দেশ অতি শীঘ্ৰেই বিৰোধীবিহীন হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *