বাজপেয়ী ভৱনত ইখনৰ পিছন বৈঠক অনুষ্ঠিত কৰি ৰণনীতি প্ৰস্তুত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। ২৬ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ বাবে দিনে নিশাই চলিছে আখৰা। বিৰোধীক ৰুধিবলৈ ৰচা হৈছে নানান চক্ৰবেহু। বিজেপিৰ দায়িত্বভাৰ গ্ৰহণৰ পাছৰে পৰাই তৃণমূল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰে সঘনে বৈঠকত মিলিত হৈছে সভাপতিগৰাকী।
ইয়াৰ মাজতে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বাজপেয়ী ভৱনত দলীয় নেতা-কৰ্মীৰ সৈতে অনুষ্ঠিত কৰা হয় চাৰিখনকৈ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত দলীয় নেতা-কৰ্মীক উদ্দেশ্যী সভাপতিগৰাকীয়ে বাৰ্তা প্ৰদান কৰে যে-“বদঅভ্যাস ত্যাগ কৰক। অন্যথা বন্ধ কৰক মোবাইল ফোন। দলীয় দায়িত্বত থকাসকলে ২৬লৈ নৈপৈব ছুটী। ২৪ ঘণ্টাই কৰিব লাগিব কাম-কাজ।” শনিবাৰৰ এই বৈঠকখনত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, প্ৰভাৰী হৰিশ দ্বিবেদী আদি। ৰাজ্যিক বিজেপিৰ ৩৯খন সাংগঠনিক জিলাৰ নৱ-নিৰ্বাচিত জিলা সভাপতি আৰু ৪৩৩টা মণ্ডলৰ নৱ-নিৰ্বাচিত মণ্ডল সভাপতি সকলো উপস্থিত থাকে এই গুৰুত্বপূৰ্ণ বৈঠকখনত।
আনহাতে, এই দিনজোৰা কাৰ্যসূচীত মণ্ডল, জিলা সভাপতিসকলক প্ৰভৰী হৰিশ দ্বিবেদীয়ে পৰামৰ্শ আগৰঢ়াই। ইফালে বৈঠকত উপস্থিত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাসে এই বৈঠকৰ সন্দৰ্ভত কয় যে-“তৃণমূল পৰ্যায়ত যিহেতু আমাৰ মণ্ডল সভাপতিগৰাকী অতি গুৰুত্বপূৰ্ণ। আমাৰ নৱ-নিৰ্বাচিত মণ্ডল সভাপতি আৰু জিলা সভাপতিসকলৰ সৈতে আজি বৈঠক অনুষ্ঠিত হৈছে। তৃণমূল পৰ্যায়ত সংগঠনৰ কাম-কাজ কেনেকৈ আগবঢ়াই লৈ যাব লাগে সেই কথা সবিশেষ আলোচনা কৰা হৈছে। বহু পৰামৰ্শ আৰু নিৰ্দেশনা আহিছে। সাংগঠনিক শৈলী কেনেকৈ আমি সলনি কৰিম, আধুনিক প্ৰযুক্তি আমি কেনেকৈ ব্যৱহাৰ কৰি , ৰাইজৰ মাজলৈ আমাৰ কথাখিনি কেনেকৈ আমি লৈ যাব পাৰিম আদি সকলো বিষয় সুক্ষ্মভাৱে আলোচনা কৰা হৈছে।”
উল্লেখযোগ্য যে, এডভাণ্টেজ আছাম আৰু ঝুমুইৰ বিনন্দিনী অংশগ্ৰহণ কাৰ্যসূচাৰে একপ্ৰকাৰ প্ৰধানমন্ত্ৰীৰ অসমত প্ৰাকনিৰ্বাচনী ভ্ৰমণ কৰি যোৱা বুলি ক’লেও ভুল নহ’ব। আনহাতে, আৰ এছ এছ প্ৰধান মোহন ভাগৱতেও শেহতীয়াকৈ পাচঁদিন অসমত থাকি বিভিন্ন পৰ্যায়ত কেইবাখনো গোপন বৈঠকত মিলিত হয়।