পদত্যাগ কৰিলে বিট্ৰেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকে

Share

এগজিট পলৰ সমীক্ষাত কনজাৰ্ভেটিভ পাৰ্টিৰ অতি শোচনীয় পৰাজয় ফলাফল দেখুওৱাৰ পাছতে দুই এদিনতে এই সিদ্ধান্ত লব পাৰে ঋষি চুনাকে। উল্লেখ কৰা প্ৰয়োজন যে, এগজিটৰ পলৰ সমীক্ষাই যদি সচাঁ হয় তেন্তে বিট্ৰেইনত লেবাৰ পাৰ্টিৰ পৰা কেইৰ ষ্টাৰমাক হ’ব নতুন প্ৰধানমন্তী

দলটোৱে এইবাৰ ৬৫০ খন আসনৰ ভিতৰত ১০০ খন আসনো দখল কৰিব নোৱাৰিব বুলিয়েই সমীক্ষাত প্ৰকাশ পাইছে। দেশখনত ৪০০ ৰো অধিক আসনেৰে লেবাৰ পাৰ্টিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি প্ৰায় নিশ্চিত হৈ আছে।

ব্ৰিটেইনৰ নিৰ্বাচনী পৰম্পৰা অনুসৰি, এটা দলে মুঠ ৬৫০ খন আসনৰ ভিতৰত ৩২৬ খন আসনত জয় লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে আৰু সেই দলৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰী হিচাপে চৰকাৰ গঠন কৰিব পাৰে। কিন্তু যদিহে সংখ্যাগৰিষ্ঠতা নাপায়, বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়েই পুনৰ চৰকাৰ গঠনৰ বাবে প্ৰথম সুযোগ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *