পুনৰ বিতৰ্কিত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তিথি

Share

সোমবাৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক তথা গৱেষক ড০ মাধুৰ্যমণ্ডিত বৰুৱাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। নলবাৰীৰ নন্দেশ্বৰ শইকীয়া সভাগৃহত আয়োজিত এক সংবাদমেলত গৱেষক মাধুৰ্য মণ্ডিত বৰুৱাই কেইবাটাও দাবী উত্থাপন কৰে। অধ্যাপকৰ মতে বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয়, এক কাল্পনিক চৰিত্ৰহে। বাঘ হাজৰিকাৰ কোনো অস্তিত্ব নাই বুলি দাবী কৰি শৰাঁইঘাটৰ যুদ্ধৰ সময়ত থকা একৈশ গৰাকী হাজৰিকাৰ নাম উল্লেখ কৰে। একেদৰে এই বুৰঞ্জীৰ অসম ভূ-খণ্ডত  প্ৰাগজ্যোতিষপুৰৰ  কোনো অস্তিত্ব নাই বুলিও উল্লেখ কৰিছে মাধুৰ্যমণ্ডিত বৰুৱাই। বাংলাদেশৰ ৱাৰী -বটেশ্বৰ অঞ্চলেই প্ৰাচীন প্ৰাগজ্যোতিষপুৰ বুলিও তেওঁ সংবাদমেলত দাবী কৰে। ইয়াৰোপৰি মহাপুৰুষ শংকৰদেৱৰ জন্ম সন্দৰ্ভত বিস্ফোৰক মন্তব্য মাধুৰ্য্য বৰুৱাৰ। শংকৰদেৱৰ জন্মৰ চন-তাৰিখ ভূল বুলি দাবী উত্থাপন কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বৰ্ষ ১৪৪৯ চন নহয় ১৪৫৯ চনহে বুলি দাবী উত্থাপন কৰিছে। একেদৰে শংকৰদেৱৰ জন্ম আবিৰ্ভাৱ তিথি বিজয়া দশমী নহয়,আহিন আৰু কাতিৰ সংক্ৰান্তিহে বুলিও আন এক দাবী কৰে। তেঁওৰ মতে ব্ৰজাৱলী ভাষা শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নহয়,পূৰ্বৰ পৰাই ব্ৰজাৱলী ভাষাৰ প্ৰচলন আছিল বুলি দাবী কৰে অধ্যাপক গৰাকীয়ে। ঠিক তেনেদৰে বাংলা ভাষা  অসমীয়া ভাষাৰ পৰাহে সৃষ্টি হোৱা বুলিও তেওঁ সংবাদমেলত  দাবী কৰে। এতিয়া গৱেষক ড০ মাধুৰ্যমণ্ডিত বৰুৱাৰ এই নতুন দাবীয়ে নিশ্চিতভাৱে এই ক্ষেত্ৰত বিতৰ্কৰ এক নতুন অসম বুৰঞ্জীয়ে পাঠক তথা সমালোচকৰ পৰা কেনে ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *