বিহুৰ সম্ৰাট খগেন মহন্তৰ আজি উপজা দিন, ছচিয়েল মিডিয়াত পুত্ৰ পাপনৰ এটা আবেগিক পোষ্ট

Share

ডিজিটেল ডেস্কঃ বিহুৰ সম্ৰাট তথা অসমৰ প্ৰসিদ্ধ গীতিকাৰ আৰু সুৰকাৰ প্ৰয়াত খগেন মহন্তৰ আজি ওপজা দিন। মহন্তৰ বিহুগীত, বৰগীত আৰু অন্যান্য লোকগীত অসমত জনসাধাৰণ মাজত জনপ্ৰিয়। বিহুগীতক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ যোৱা শিল্পীগৰাকীয়ে ১৯৮৮ চনত ফিল্ম ক্ৰাফট এৱাৰ্ড, ১৯৯২ চনত সংগীত নাটক অকাডেমি বঁটা, ১৯৯৪ চনত শ্ৰীময় বঁটা আৰু ১৯৯৯ চনত সংগীতাচাৰ্য বঁটা লাভ কৰে আৰু লগতে বহু সংগীত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল কণ্ঠশিল্পী খগেন মহন্তই।

শিল্পী খগেন মহন্তৰ পুত্ৰ অংগৰাগ মহন্তই (পাপন) পিতৃৰ জন্মদিন উপলক্ষে নিজৰ সামাজিক মাধ্যমত এটা পোষ্ট কৰি তেখেতক বিহু সম্ৰাট, গণশিল্পী আৰু নিজৰ গুৰু বুলি সম্বোধন কৰে আৰু পিতৃক জন্মদিনৰ শুভেচ্ছা জনায় ।

লগতে তেখেতে কয় যে, `কলৰে পাততে কাউৰী পৰে’, `মা আমি শদিয়ালৈ যামেই’, `ৰাংঢালি ছোৱালী’ আদি গীতেৰে অসমৰ খ্যাতি পোৱা শিল্পী, গীতিকাৰ তথা সুৰকাৰ খগেন মহন্তই অসমীয়া থলুৱা গীতক এক বিশেষ স্থান প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এয়া মোৰ শেষ গান গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *