বিহু বিনন্দীয়াৰ প্ৰচাৰ দেশৰ ৰাজধানীত

Share

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ পিছত এইবাৰ দিল্লীৰ অলিয়ে গলিয়ে দেখা গৈছে বিহু বিহু লগা পৰিৱেশ। বাছষ্টেণ্ড, মেট্ৰ’ ৰেল, মেট্ৰ’ ষ্টেচন, বিমান বন্দৰ চৌহদ আদি বিহুৰ হ’ৰ্ডিং-বেনাৰ, বিলবৰ্ডৰে ভৰি পৰিছে। ১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিত হব।এতিয়া প্ৰধানমন্ত্ৰীৰ বিহু বিনন্দীয়াৰ আমন্ত্ৰণী গোহাৰি যলৈকে যায় তাতেই দেখা পোৱা যায়।

ৰাজ্যৰ পৰ্যটন বিভাগে দিল্লীৰ ৩৪টাকৈ  প্ৰমুখ  বাছষ্টেণ্ডত হ’ডিং লগোৱাৰ লগতে দিল্লী মেড্ৰ’ৰ ব্লু আৰু ইয়েলো লাইনত চলি থকা দুখনকৈ মেড্ৰ ড্ৰেইনক সম্পৰ্ণভাৱে সজাই তোলা হৈছে বিহু বিনন্দীয়াৰ হ’ৰ্ডিঙেৰে। তাৰ লগতে দিল্লী বিমানবন্দৰৰ তিনিওটা টাৰ্মিনেলত লগোৱা হৈছে হ’ৰ্ডিং বিলবৰ্ড। ইয়াৰ উপৰি বিমানবন্দৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়তো সকলোৰে চকুত পৰাকৈ লগোৱা হৈছে ডাঙৰ ডাঙৰ হ’ৰ্ডিং। কেৱল দিল্লীতে নহয়, মুম্বাই আৰু কলকাতাৰ প্ৰমুখ স্থানতো দিল্লীৰ দৰে বিহু বিনন্দীয়া অনুষ্ঠানৰ প্ৰচাৰ অভিযান।

উল্লেখ্য যে ১১,০০০ গৰাকী শিল্পীয়ে একেলগে বিহু প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ নাম অন্তভুক্ত কৰাৰ প্ৰয়াস হাতত লৈছে ইতিমধ্যে অসম চৰকাৰে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাই এই কথা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *