বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাজহুৱা অনুষ্ঠানত আক্ৰমণ

Share
ডিজিটেল ডেস্ক, ২৮,মাৰ্চঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক শাৰীৰিক ভাৱে আক্ৰমণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। দেওবাৰে ৰাজ্যখনৰ বখতিয়াৰপুৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন যুৱকে অনুষ্ঠানস্থলিতে শাৰীৰিক আক্ৰমণ চলায়।মুখ্যমন্ত্ৰীগৰাকীক এইদৰে আক্ৰমণ কৰাৰ ঘটনাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো কিদৰে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে তাক লৈ সমগ্ৰ দেশজুৰি    প্ৰশ্ন উত্থাপিত হৈছে।অৱশ্যে এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে মুখ্যমন্ত্ৰী গৰাকীক আক্ৰমণ কৰা যুৱক জনক গ্ৰেপ্তাৰ কৰে যদিও যুৱক জন মানসিকভাৱে অস্থিৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে।মুখ্যমন্ত্ৰী নীতিশ কুমাৰক যুৱকজনে কেনেদৰে পিছফালৰ পৰা শাৰীৰিক ভাৱে আক্ৰমণ কৰিছে সেয়া সমগ্ৰ দৃশ্য এটা চিচিটিভি কেমেৰাত স্পষ্টভাৱে বন্দী হোৱা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *