প্ৰধানমন্ত্ৰী কৃষি যোজনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা !

Share

কৃষকসকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে কেইবাটাও আঁচনি চলাই আহিছে । ইয়াৰে ভিতৰত অন্যতম আঁচনিটো হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা । যিটো আঁচনিৰ জৰিয়তে  কৃষকসকল আৰ্থিকভাৱে লাভাম্বাৱিত হয় । এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক প্ৰতি চাৰি মাহত বিত্তীয় সাহায্য প্ৰদান কৰে লগতে , চৰকাৰৰ ফালৰ পৰা ধন প্ৰাপ্ত কৰিবলৈ হ’লে কিছুমান নিয়ম – কানুন আদিও প্ৰস্তুত কৰা হৈছে । যাতে ধন ভূল ব্যক্তিৰ  হাতলৈ নাযায় । চৰকাৰৰ দ্বাৰা এই আঁচনিৰ জৰিয়তে দেশৰ লাখ লাখ কৃষক যথেষ্ট উপকৃত হোৱা পৰিলক্ষিত হৈছে ।

সাধাৰণতে কেন্দ্ৰীয়  চৰকাৰে প্ৰতি চাৰি মাহৰ ব্যৱধানত কৃষকসকলক ২০০০-২০০০ টকাকৈ প্ৰদান কৰি আহিছে ।আৰু ধনৰ এই পৰিমাণবোৰ পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউন্টলৈ প্ৰেৰণ কৰা হয় ।কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বৃহত ঘোষণা অনুসৰি এতিয়াৰে পৰা কোনসকল লোকে প্ৰধানমন্ত্ৰী কৃষি যোজনাৰ ধন  নাপাব ? চৰকাৰৰ মতে যিসকলৰ ২ হেক্টৰতকৈ অধিক কৃষিযোগ্য ভূমি আছে তেওঁলোক এই আঁচনিৰ অধীনত লাভ লকৰিব ধন ।লগতে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰণালয় অথবা কাৰ্যালয় বিভাগ আৰু ইয়াৰ আঞ্চলিক গোটবোৰৰ সেৱাপ্ৰাপ্ত বা  অৱসৰপ্ৰাপ্ত বিষয়া আৰু  কৰ্মচাৰীসকলে চৰকাৰৰ লগতে স্থানীয় সংস্থাসমূহৰ অধীনত স্বায়ত্বশাসিত প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰীসকল এই আঁচনিৰ ধন লাভ কৰিবলৈ যোগ্য নহয় ।

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *