ভাৰত বায়’টেকৰে চুক্তি ভংগ: ব্ৰাজিলত বাতিল হ’ল কোভেক্সিন

Share

মাধুৰীমা ৰায়

নতুন দিল্লী, ২৫ জুলাই: কোভিড-১৯ ক ৰুধিবলৈ ভাৰতত উৎপাদিত প্রথমটো প্ৰতিষেধক হৈছে ‘কোভেক্সিন’। আই চি এম আৰ আৰু ভাৰত বায়’টেকে সম্মিলিতভাবে বনাইছে এই প্ৰতিষেধক। উল্লেখনীয় যে কোভিড-১৯ ৰ এই প্ৰতিষেধক ‘কোভেক্সিন’ ব্ৰাজিলত বিক্রীৰ বাবে ব্ৰাজিলৰ প্ৰেচিছা মেডিকামেন্টোছ নামৰ ঔষধ প্ৰস্তুত কৰা সংস্থাটোৰে সৈতে ভাৰত বায়’টেকৰ চুক্তি হৈছিল। কিন্তু ব্ৰাজিলৰ স্বাস্থ্য দপ্তৰে জনোৱা অনুসৰি, ভাৰত বায়’টেক আৰু ব্ৰাজিলৰ সংস্থাৰ মাজত স্বাক্ষৰিত এই চুক্তি চৰকাৰে বাতিল কৰে। ব্ৰাজিলত কোভেক্সিন প্ৰতিষেধকৰ সম্পৰীক্ষা বাতিল হৈছে এই তথ্য নিশ্চিত কৰে দেশখনৰ স্বাস্থ্যমন্ত্রীয়ে। কি পৰিস্থিতিত কি কাৰণত চুক্তি বাতিল হ’ল, সেই লৈ এই পৰ্যন্ত মুখ খোলা নাই ভাৰত বায়’টেকে। উৎপাদক হিচাপে কালি মাথোন ইয়াকে জানিবলৈ দিয়ে যে চুক্তি বাতিল হোৱাটো সঁচা। ভাৰতৰ আৱিষ্কৃত কোভেক্সিনৰ দুই কোটি ডোজ কিনোতে ব্ৰাজিল চৰকাৰে ৩২ কোটি ৪০ লাখ ডলাৰৰ চুক্তি কৰিছিল। উল্লেখনীয় যে ভাৰত বায়’টেকে পঠিওৱা ২ কোটি প্ৰতিষেধকক লৈ কিছুদিন পূর্বে ব্ৰাজিলত বিতৰ্কৰ সূত্ৰপাত হৈছিল। অভিযোগ উত্থাপন হৈছিল ৰাষ্ট্ৰপতি বলছোনাৰোৰ বিৰুদ্ধেও।

Leave a Reply

Your email address will not be published. Required fields are marked *