নিউজ ডেস্ক, ১৯ আগষ্টঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি । জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে । বৃহস্পতিবাৰে এক নিৰ্দেশনাৰ জৰিয়তে অসমৰ ৰাজ্য পাল অধ্যাপক জগদীশ মুখীয়ে এই পদত নিযুক্তি প্ৰদান কৰে । সম্প্ৰতি মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কৰ্মৰত হৈ আছে দেৱচৌধুৰী । পূৰ্বতে নলবাৰীকে ধৰি কেইবাখনো জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছিল ভাৰত ভূষণ দেৱ চৌধুৰী । এগৰাকী সৎ বিষয়া হিচাপে পৰিচিত ভাৰত ভূষণ দেৱ চৌধুৰী বিশিষ্ট লেখক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ভাতৃ ।
অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল উকলি যোৱাত আয়োগৰ সদস্য ড০ অজন্তা নাথক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল । অৱশেষত ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে এক নিৰ্দেশনাৰ জৰিয়তে ভাৰত ভূষণ দেৱ চৌধুৰীক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ।
এতিয়া নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত আগন্তুক দিনত অসম লোক সেৱা আয়োগে কি দৰে আগুৱাই যাব সেইটো লক্ষণীয় হ’ব ।