আজি ভাৰত বন্ধ: এই বন্ধৰ বিশেষ প্ৰভাৱ পৰিছে বিহাৰ আৰু ৰাজস্থানত

Share

আজি ভাৰত বন্ধ। এই বন্ধৰ বিশেষ প্ৰভাৱ পৰিছে বিহাৰ আৰু ৰাজস্থানত। এই দুখন ৰাজ্যৰ বাদে আন ৰাজ্যত এই বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। উচ্চতম ন্যায়লয়ৰ এক ৰায়দানৰ পাছতেই সংৰক্ষণ বচাও সমিতিয়ে আহ্বান কৰিছিল এই বন্ধৰ। বহুকেইটা ৰাজনৈতিক দলৰ লগতে দেশৰ দলিত সমাজে এই বন্ধলৈ সমৰ্থন জনাইছিল। শেহতীয়াকৈ এইবন্ধলৈ সমৰ্থন জনাইছে বহুজন সমাজ পাৰ্টিয়ে।
উল্লেখ্য যে, শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক এছ টি আৰু এছ চি সংৰক্ষণ প্ৰক্ৰিয়াত উপ শাখা অৰ্থা९ চাব কেটেগৰী সৃষ্টিৰ বাবে অনুমতি প্ৰদান কৰিছে। উচ্চতম ন্যায়লয়ৰ এই ৰায়দানৰ পাছতেই বহুকেইটা ৰাজনৈতিক দলৰ লগ তে বহুকেইটা দলিত সমাজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদি কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই বন্ধৰ সময়চোৱাত বিহাৰৰ বিভিন্ন ৰাজপথত যানযটঁৰ সৃস্টি হৈছে। আনফালে, ৰাজস্থানতো বহু ঠাইত বিক্ষিপ্ত ঘটনাৰ সৃস্টি হৈছে।
প্ৰতিবাদকাৰীয়ে দাবী কৰি কয় যে, শেহতীয়াকৈ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনা উঠাই ল’ব লাগে। প্ৰতিবাদকাৰী সংগঠনসমূহে এই কথা স্পষ্ট কৰে যে, ভাৰত বন্ধৰ সময়ত জৰুৰীকালীন সেৱাৰ বাদে বন্ধ থাকিব সকলো সেৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *