সাৱধান, ভুৱা হ’ব পাৰে আপোনাৰ আধাৰ কাৰ্ড ! আৰক্ষীৰ অভিযানত উৎখাত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ

Share
ডিজিটেল ডেস্কঃ  চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বাতাবাৰীত সোমবাৰে বিয়লি আৰক্ষীয়ে অভিযান চলাই এটা ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত কৰে। বাতাবাৰীৰ উদয় দাসৰ ঘৰত বাক্সা জিলাৰ ঘোঁৰামাৰাৰ প্ৰসেনজিৎ বৰ্মনৰ সহযোগত আন এগৰাকী অজ্ঞাত যুৱকে কেইদিনমান ধৰি  ভুৱা আধাৰ কাৰ্ডৰ কেন্দ্ৰটো চলাই আহিছিল।
প্ৰতিখন আধাৰ কাৰ্ড বনাই দিয়াৰ নামত চক্ৰটোৱে প্ৰতিজন ব্যক্তিৰ পৰা এহেজাৰ টকাকৈ সংগ্ৰহ কৰিছিল । সোমবাৰে  আৰক্ষীৰ অভিযানৰ উমান পাই যুৱক দ্বয়ে পলায়ন কৰে যদিও পিছত উদয় দাসৰ ঘৰৰ পৰা আৰক্ষীয়ে  এটা লেপট’প, প্ৰিণ্টাৰ, স্কেনাৰকে ধৰি আধাৰ কাৰ্ড প্ৰস্তুতৰ সামগ্ৰী জব্দ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *