গুৱাহাটী মহানগৰত ডেংগিয়ে লৈছে ভয়ংকৰ ৰূপ। ইটোৰ পাছত সিটো অঞ্চলত ডেংগিয়ে লৈছে কাল ৰূপ। যাক লৈ এতিয়া শংকিত হৈ পৰিছে মহানগৰবাসী।যোৱা মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডেংগিত আক্ৰান্ত এগৰাকী মহিলাৰ।মৃত মহিলাগৰাকীৰ ঘৰ গুৱাহাটীৰ ভাস্কৰনগৰত।
ইয়াৰ পাছতে গুৱাহাটী জিলা প্ৰশাসনে গুৱাহাটীৰ ৪টা অঞ্চলক ৰেড জ’ন ঘোষণা কৰিছে। গুৱাহাটীৰ ভাস্কৰ নগৰ, জু-ৰোডৰ কাৰ্বি পথ, জু-ৰোডৰ অম্বিকাগিৰি নগৰ আৰু বামুণীমৈদাম ৰে’লৱে কলনীক ৰেড জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে।
উল্লেখ্যযোগ্য যে ভাস্কৰ নগৰ, হাতীগড় চাৰিআলি, গীতানগৰ, কাৰ্বি পথ আদিত নিতৌ ইজনৰ পিছত আনজন ডেংগি ৰোগত আক্ৰান্ত হৈছে।ডেংগিৰ হটস্পটত পৰিণত হৈছে গুৱাহাটীৰ ভাস্কৰ নগৰ। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, বিগত এটা মাহত বৃহত্তৰ ভাস্কৰ নগৰ অঞ্চলত ৩০জনৰো অধিক লোক ডেংগিত আক্রান্ত হৈছে।বিগত সপ্তাহৰ শনিবাৰেও ডেংগিত আক্ৰান্ত হৈ ভাস্কৰনগৰৰ সুনিতা বসুমতাৰী নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছিল।