সাবধান ! দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সংখ্যা , এই পৰ্যন্ত ১০ লোকৰ মৃত্যু

Share

গুৱাহাটী,১৩ জুলাইঃবানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পাছতেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰ তাণ্ডৱ। নামনিৰ পৰা উজনিলৈকে জাপানীজ এনকেফেলাইটিছে সংহাৰ ৰূপ ধাৰণ কৰিছে। এই মাৰাত্মক ৰোগ বিধত শতাধিক লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে এই ৰোগত আক্ৰান্ত হৈ ১০ জন লোকৰ মৃত্যু হয়। স্বাস্থ্য বিভাগৰ মতে, মৰিগাঁও, নগাঁও, কৰিমগঞ্জ আৰু দৰং জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইফালে, ৰাজ্যৰ পানীৰ পৰা হোৱা সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগৰ মতে, বানৰ পাছত আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ উভতি অহা বানাক্ৰান্তসকলে দূষিত পানী সেৱন কৰাৰ ফলত কেইবাখনো জিলাৰ বহুসংখ্যক লোক সংক্ৰামক ৰোগত আক্ৰান্ত হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *