ডিজিটেল ডেস্কঃ ৬৭ তম ফিল্মফেয়াৰ ২০২২ শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ ৰণবীৰ সিং আৰু কৃতি সেনানে লাভ কৰে। আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰ সন্মান লাভ কৰে শ্বেৰশ্বাহে।
উল্লেখযোগ্য যে ৰণবীৰ সিঙে প্ৰাক্তন ভাৰতীয় ক্ৰিকেট অধিনায়ক কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰা বাবে শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰে। কৃতি সেনানে তেওঁৰ মিমি ছবি খনত এগৰাকী চাৰোগেট মাতৃৰ চৰিত্ৰত অভিনয় কৰা বাবে এই বঁটা লাভ কৰে। তাৰোপৰি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী অভিনীত শ্বেৰশ্বাহ ছবিখনত কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বিক্ৰম বাত্ৰাৰ জীৱনৰ ওপৰত আধাৰত চলচিত্ৰ খনৰ বাবে শ্ৰেষ্ঠ চলচিত্ৰ বঁটা লাভ কৰে।