ব্ৰহ্মপুত্ৰৰ বুকুত সৰ্ববৃহৎ নদীবান্ধৰ প্ৰকল্পত অনুমোদন বেইজিঙৰ

Share

ভাৰত আৰু বাংলাদেশৰ বাবে এক অত্যন্ত ভয়ংকৰ বিপদৰ আগজাননি দি ৰঙা চীনৰ জি জিনপিং চৰকাৰে মানৱ ইতিহাসৰ আটাইতকৈ বৃহৎ নদীবান্ধ নিৰ্মাণত অনুমোদন জনাইছে। ভাৰতৰ নিচেই কাষত অভিলেখ ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যয়েৰে নিৰ্মাণ কৰা হ’ব  এই প্ৰকল্প। অৰুণাচল প্ৰদেশত প্ৰৱেশৰ বাবে যি স্থানত নদীখনে ইউ টাৰ্ণ লৈছে, সেই স্থানতে নিৰ্মাণ কৰা হব এই জলবিদ্যুৎ প্ৰকল্প।

 মানৱ ইতিহাসৰ বাবে এই প্ৰকল্পটো হব আটাইটকৈ বৃহৎ জলবিদ্যুৎ প্ৰকল্প। যত এবছত ৩০০ বিলিয়ন কিলোৱাত বিদ্যুৎ উৎপাদন কৰা হব, যাৰ দ্বাৰা৩০ কোটি লোকৰ বিদ্যুতৰ চাহিদা পূৰ হব। কিন্তু এই জলবিদ্যুৎ প্ৰকল্পই এক অভাৱনিয় পৰিস্থিতিৰ সৃষ্টি কৰিব অসম, অৰুণাচলৰ লগতে বাংলাদেশত। কিয়নো ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই গঢ়ি উঠা বৃহৎ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৃহৎ এলেকাৰ বাবে এই চীনৰ এই নদীবান্ধে সৃষ্টি কৰিব জলসংকটৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিব বিচৰা এই প্ৰকল্পই ভংগ কৰিব নিজৰেই থ্ৰি গৰ্জেছ জেমৰ অভিলেখ। থ্ৰি গৰ্জেছ বান্ধ নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছিল ২৫৪.২ বিলিয়ন য়ুৱান অৰ্থাৎ ৩৮.৮৩ বিলিয়ন মাৰ্কিন ডলাৰ। তাৰ বিপৰিতে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন বৃহৎ বান্ধত  ব্যয় হব ১৩৮ বিলিয়ন মাৰ্কিন ডলাৰ।

চীনে এই প্ৰল্পৰ দ্বাৰা ভটিয়নী এলেতাত ভাৰত আৰু চীন ক্ষতিগ্ৰস্থ নহয় বুলি দাবী কৰা হৈছে যদিও দেশ দুখনৰ পাৰিপাৰ্শিক আৰু ভৌগোলিক অস্থিত্বত প্ৰতি ভাবুকি কঢ়িয়াই আনিব চীনৰ এই নদীবান্ধে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *