পুনম থাপা, ঢেকীয়াজুলী
১৯১৭চনত ঘোষনা কৰা বিহালী সংৰক্ষিত বনাঞ্চল অসম-অৰুণাচল সীমান্তৰ বিশ্বনাথ জিলাৰ পূৱ হিমালয়ৰ পাদগিৰিত অৱস্থিত এখন ক্ৰান্তীয় চিৰসেউজ আৰু অৰ্ধচিৰসেউজ বনাঞ্চল।এই বনাঞ্চলক ২০০৩ চনত শোণিতপুৰ হাতী সংৰক্ষিত অংশ বুলি অধিসূচিত কৰা হৈছিল। প্ৰাৰম্ভিকতে বিহালী সংৰক্ষিত বনাঞ্চলখন ১৪০ বৰ্গকিলোমিটাৰ ক্ষেত্ৰফলৰে আগুৰি আছিল যদিও আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতি আৰু জনসংখ্যাৰ বিস্ফোৰণৰ ফলস্বৰূপে মানুহে বনাঞ্চল ধংস কৰাৰ ফলস্বৰূপে বৰ্তমান ৮০ বৰ্গকিলোমিটাৰ ক্ষেত্ৰফলহে আগুৰি আছে। বিহালী সংৰক্ষিত বনাঞ্চলখন বহুতো আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান।
অঞ্চলতোৰ স্থানীয় গৱেষকসকলে এই বনাঞ্চলৰ অনুসন্ধানৰ ফলত অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য জানিবলৈ সক্ষম হৈছে।এই বিহালী সংৰক্ষিত বনাঞ্চলত প্ৰায় ৩০৮ বিধ সপুষ্পক উদ্ভিদ,৩৯ বিধ স্তন্যপায়ী প্ৰাণী,২৮২ বিধ পক্ষী,২৩ বিধ সাপ,১১বিধ কাছ,১২ বিধ জেঠী,১২ বিধ উভচৰ প্ৰাণীকে ধৰি ২৭৫ বিধতকৈও অধিক পখিলাই বাস কৰে।
বিহালী সংৰক্ষিত বনাঞ্চলখনত বিভিন্ন প্ৰজাতিৰ প্ৰাণী যেনে:- টুপিমুৰীয়া বান্দৰ,শৰপহু,লাজুকী বান্দৰ,নলগাঁহৰি, কেৰ্কেটুৱা,বাঘ,হাতী, আৰ্দ্ৰভূমিৰ হাঁহজাক,ধনমেকুৰী ইত্যাদি আৰু বনৰীয়া চৰাইৰ অত্যন্ত সমৃদ্ধ এই বনাঞ্চলখনত পৰ্যটকসকলে এই সকলোবোৰ প্ৰজাতি উপভোগ কৰাৰ লগতে গছগছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য্য ও আনন্দৰে উপভোগ কৰিব পাৰিব।
কিন্তু বৰ্তমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত কৃষিৰ বাবে মানুহে হাবি বন ধ্বংস কৰি খেতিপথাৰ মুকলি কৰাৰ বাবে বনাঞ্চলৰ জৈৱবৈচিত্ৰ্যতা বিপন্ন হ’বলৈ ধৰিছে আৰু অবৈধ চিকাৰৰ ফলস্বৰূপে আপুৰুগীয়া গছ আৰু প্ৰাণীৰ সংখ্যা দিনক দিনে কমি গৈ জৈৱবৈচিত্ৰ্যতাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে।
এই বনাঞ্চলত জৈৱবৈচিত্ৰ্য ৰক্ষাৰ একমাত্ৰ উপায় হিচাপে প্ৰাকৃতিক পৰিবেশক ধ্বংসৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজন হৈছে য’ত এনেধৰনৰ সংৰক্ষণ সম্ভৱ হোৱা নাই।এই ক্ষেত্ৰত উদ্ভিদ আৰু প্ৰাণী লুপ্ত হোৱাৰ সম্ভাৱনা হ’ব।গতিকে এই মুহূৰ্তত বিহালী সংৰক্ষিত বনাঞ্চলখনক স্থায়ীভাৱে সংৰক্ষিত নকৰিলে বনাঞ্চল ৰক্ষা কৰিব পৰা নাযাব।সেয়েহে এই অৰণ্যখনক স্থায়ীৰূপত সংৰক্ষিত কৰাৰ স্বাৰ্থত বনাঞ্চলখনক অতিসোনকালে বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৰূপান্তৰ কৰি সংৰক্ষণ কৰাটো নিত্যান্তই প্ৰয়োজন।
এতিয়া মাথো বিহালীক লাগে সমগ্ৰ অসমবাসী তথা চৰকাৰৰ সহযোগীতা।