তিনিচুকীয়াত অব্যাহত আছে গো মাংসৰ চুৰাং বেহা

Share
তিনিচুকীয়া,২৪ ডিচেম্বৰ:- পুৱতি নিশা হিজুগুৰিত আৰক্ষীয়ে এখন ব’লেৰ’ বাহনৰ বৃহৎ পৰিমাণৰ গো মাংস জব্দ কৰিছে। নিশা তিনিচুকীয়া আৰক্ষী বিষয়া দিপক চেত্ৰীৰ‌ নেতৃত্বত হিজুগুৰি আৰক্ষী চকীৰ সন্মূখত আৰক্ষীৰ এটা তহলদাৰী দলে বাহনখনক সন্দেহজনকভাৱে ৰখাবলৈ সংকেট দিয়ে যদিও বাহনখন উক্তস্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আৰু পৰবৰ্তী সময়ত আৰক্ষীৰ দলটোৱে গো-মাংসসহ বাহনখনক অনুসৰণ কৰি বাহনখন জব্দ কৰে। জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে-AS23W9080 । আৰক্ষীয়ে ইতিমধ্যে, গো-মাংসসহ বাহনখন হিজুগুৰি আৰক্ষী চকীলৈ অনাৰ লগতে অব্যাহত ৰাখিছে তদন্ত। আৰু তদন্তত পোহৰলৈ আহিব ঘটনাটোৰ ৰহস্য।

Leave a Reply

Your email address will not be published. Required fields are marked *