প্ৰকৃতিৰ লাৱণ্যময়ী অপৰূপেৰে শোভিত কাজিৰঙাত সৌন্দৰ্য প্ৰেমী পৰ্যটকৰ উচাহ

Share
গুৱাহাটী ৭ ডিচেম্বৰঃ শীতৰ চেঁচা ৰাতিপুৱা কুৱলীৰ ধূৱলী আচল  গুচাই কাজিৰঙাৰ গছে পাতে সিঁচৰিত হৈ পৰিছে ৰ’দ। প্ৰকৃতিৰ অপৰিসীম সৌন্দৰ্য  উপভোগ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকক কাজিৰঙাৰ এই ৰূপে দিছে নিৰ্মল আনন্দৰ সমাহাৰ। হাঁতী ছাফাৰী উপভোগেৰে আনন্দত আত্মহাৰা হৈ উঠিছে প্ৰকৃতি প্ৰেমী পৰ্যটত সকল।ইংলণ্ড,স্পেইন আদি দেশৰ বিভিন্ন বিদেশী পৰ্যটকৰ লগতে দেশৰ  অইন প্ৰান্তৰ পৰ্যটক সকলেও হাঁটী ছাফাৰীৰ জড়িয়তে কাষ চাপি গৈছে এশীঙিয়া গড়,বাঘ,হৰিণা আদি বিভিন্ন বণ্য জীৱ-জন্তুুৰ ওচৰলৈ।ইয়াৰোপৰি জিপ ছাফাৰীৰ লগতে কাজিৰঙাৰ ৰিজৰ্ট সমূহো ভৰি পৰিছে পৰ্যটতকৰ উলহ মালহেৰে। যান্ত্ৰিকতাৰ পৰা অলপ আতৰি প্ৰকৃতিৰ সৈতে সহবাস কৰাৰ উদ্দেশ্যৰেই কাজিৰঙাত পৰ্যটকৰ এই ভিৰ। কাজিৰঙাৰ সেউজীয়াৰ মাজত পোৱা বিপুল আনন্দ খিনিক হেঁপাহেৰে বৰ্ণনা কৰি বাংগালোৰৰ এগৰাকী পৰ্যটকে কয়,‘যান্ত্ৰিকতাৰ বিপৰীতে কাজিৰঙাৰ এই সতেজ পৰিৱেশ সুখকৰ’।

Leave a Reply

Your email address will not be published. Required fields are marked *