অনালি শৰ্মা
লেখাপানী ১০ আগষ্ট : এটা পাহাৰীয়া নিজৰাই আকৰ্ষিত কৰিছে জনসাধাৰণক । এই নিজৰাটো তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এক কিলোমিটাৰ দূৰত থকা লেখাপানী গাঁৱৰ মাজেৰে প্ৰায় ৫ কিলোমিটাৰ এক দুৰ্গম পথ অতিক্ৰম কৰিলেই দেখা পোৱা যায় । পাটকাই পাহাৰৰ পৰা বৈ অহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এই নিজৰাটোৱে লেখাপানী সংৰক্ষিত বনাঞ্চলক অন্য এক মাত্ৰা প্ৰদান কৰিছে । বহু যুগৰ পৰাই নিৰৱচ্ছিন্ন ভাৱে বৈ থকা নিজৰাটো এটা বৃহৎ শিলৰ ওপৰেৰে বৈ জলপ্ৰপাতৰ সৃষ্টি কৰি এক নান্দনিক পৰিবেশৰ জন্ম দিছে । পৃথিৱীৰ নিৰ্জন কোণত থকা বাবে এই নিজৰাটো চাবলৈ অহা মানুহৰ সংখ্যা আৰম্ভণিতে তেনেই নগন্য আছিল । কাষৰীয়া ঠাইৰ লোকে বাঁহ-বেত বিচাৰি সেই ঠাই লৈ যোৱাৰ বাহিৰে আন কোনো লোকৰ আহ্-যাহ্ নাছিল । লগতে সেই সময়বোৰত সামাজিক মাধ্যমে সিমান প্ৰসাৰতা লাভ নকৰাৰ বাবেও জনসাধাৰণৰ সেই ঠাইৰ সতে পৰিচয় হোৱাৰ সৌভাগ্য হোৱা নাছিল । বিগত সময়ছোৱাত ক’ৰণা মহামাৰীয়ে স্তব্ধ তথা নিৰস কৰি পেলোৱা জীৱনটোক অলপমান ৰসাল কৰিবলৈ অৰ্থাৎ অৱসাদ – বিনোদন ৰ অৰ্থে কিছুসংখ্যক যুৱক সেই ঠাইলৈ যায় । লগতে জনসাধাৰণক সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকৃতিৰ বুকুত থকা মনোমোহা ঠাইৰ সতে চিনাকি কৰি দিবলৈ সক্ষম হয় । সেই চিনাকি কৰি দিয়া দিন ধৰি আজি লৈকে সেই ঠাইলৈ বহু লোকৰ আগমন হোৱাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে । বহু দুখ কষ্ট অতিক্ৰম কৰি সেই ঠাই উপভোগ কৰিবলৈ যোৱা জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই নিজৰাটো যদিহে অসম চৰকাৰে পৰ্যটন বিভাগৰ যোগেদি পৰ্যবেক্ষণ কৰি কিছু উন্নত কৰে , পৰৱৰ্তী সময়ত ই পৰ্যটনৰ এক আশাপ্ৰদ থল হৈ পৰাৰ সম্ভাৱনা অযুত ।