দেশৰ মহিলা সকলৰ বাবে সুন্দৰ সুযোগ

Share

সুপ্ৰিয়া তৰফদাৰ, ৭ অক্টোবৰঃ দেশৰ বাবে কাম কৰাৰ এক সুন্দৰ সুযোগ দিয়া হৈছে মহিলাসকলৰ বাবে। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীয়ে সদৰি কৰা অনুসৰি মহিলা প্ৰাৰ্থীক প্ৰৱেশৰ অনুমতি দিয়াৰ পিছত কেন্দ্ৰই প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত ভাৰতীয় ৰাষ্ট্ৰীয় সামৰিক মহাবিদ্যালয় আৰু ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ত মহিলাসকলৰ বাবে নামভৰ্তিৰ সুবিধা দিয়া হ’ব। এক শপতনামাৰ জৰিয়তে চৰকাৰে কয় যে ছোৱালীৰ অন্তভুক্তিৰ সুবিধাৰ বাবে আৰআইএমচিত অন্যান্য সম্পৰ্কিত আন্তঃগাথনি আৰু প্ৰশাসনিক দিশত অতিৰিক্ত খালী পদসমূহ পূৰণ কৰাৰ প্ৰয়োজন আহি পৰিছে আৰু এইটো পৰ্যায়ক্ৰমে কৰা হ’ব । চৰকাৰে লগতে কয় যে প্ৰথম পৰ্যায়ত প্ৰতি ছয় মাহত পাচঁজনী ছোৱালী অন্তভুক্ত কৰি এই ক্ষমতা ২৫০ ৰ পৰা ৩০০ লৈ বৃদ্ধি কৰা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *