সাৱধান ! ৰাজ্যৰ ৫ খন জিলালৈ ৰেড এলাৰ্ট জাৰি

Share

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ ৫খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে।কোকৰাঝাৰ,চিৰাং,বাক্সা,বঙাইগাওঁ আৰু বৰপেটা জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।পূৰ্বতে বতৰ বিজ্ঞান কেন্দ্ৰই ৪-৫ দিনৰ উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ আহিব বুলি তথ্য জাৰি কৰিছিল।

অৱশ্যে,বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি ৰাজ্যৰ উত্তৰ-পশ্চিম অঞ্চলত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।এই বৰষুণ আৰু ধুমুহাৰ বিপৰ্যয়ে পোহনীয়া জীৱ-জন্তুকে ধৰি,ঘৰ-বাৰী চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছে,যাৰ ফলত সৰ্বসাধাৰণ ৰাইজ অধিক চিন্তিত হৈ পৰিছে।

 আনহাতে,নামনি অসমত প্ৰচুৰ বৃষ্টিপাত হ’ব বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই।কোকৰাঝাৰ,চিৰাং,বাক্সা,বঙাইগাওঁ আৰু বৰপেটা এই ৫খন জিলাত অহা ২৪ ঘণ্টাত ৰাজ্যত বিজুলী,বজ্ৰপাত অহা সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *