জি ২০ দলৰ যাতায়তৰ বাবে অনা হৈছে বেটেৰী চালিত গল্ফ কাট

Share

১ ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব জি২০ প্ৰতিনিধি দল। বিভিন্ন দেশৰ প্ৰতিনিধি বৰ্গৰ আগত কাজিৰঙাক সুন্দৰভাৱে সজাই তোলাৰ লগতে অসমীয়া অতিথি পৰায়ণ কৰাৰ বাবে জিলা প্ৰশাসনৰ সহযোগত দিনে নিশাই প্ৰস্ততি চলাইছে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই। নতুনকৈ সজাই তুলিছে কহঁৰাৰ বনবিভাগৰ কেন্দ্ৰৰ সংগ্ৰাহলয় আৰু চৌপাশ। জি২০ দলৰ বাবে অনা হৈছে বেটেৰী চালিত গল্ফ কাট। আনহাতে প্ৰস্ততিৰ সন্দৰ্ভত দেওঁবাৰে বন বিভাগ আৰু জিলা প্ৰশাসনৰ লগত আলোচনাত মিলিত হয় মুখ্য় সচিব পৱন কুমাৰ বৰঠাকুৰ ।তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে জি২০ ভাৰতীয় দলটোৰ লগতে বিভিন্ন দেশৰ প্ৰায় পঞ্চাশ গৰাকী আহিব কাজিৰঙালৈ । দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙালৈ আহি দৰ্শন কৰিব কহঁৰা আৰু বাগৰি বনাঞ্চল । জি২০বৈঠক খন অনুষ্ঠিত  হ’ব গুৱাহাটীত।

Leave a Reply

Your email address will not be published. Required fields are marked *