পল্লৱী গগৈ
২৮ জুলাই, কৰ্ণাটক: কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ’ব বাছাভাৰাজ বোমাই। শেহতীয়াকৈ এই ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ পৰ্যবেক্ষক ধৰ্মেন্দ্ৰ প্ৰধানে। কেইবাটাও বৈঠকৰ অন্তত বিধায়িনী দলৰ নেতা হিচাপে বাছাভাৰাজ বোমাইক নিৰ্বাচিত কৰা হয়। বাছাভাৰাজ বোমাই বৰ্তমান ৰাজ্যখনৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৬১ বছৰীয়া বাছাভাৰাজ বোমাই ২০০৮ চনত বিজেপিত যোগদান কৰিছিল।পেছাত এগৰাকী অভিযন্তা আছিল যদিও পিছলৈ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে।