৬২ বছৰ পিছত সলোৱা হ’ব বৰপেটা সত্ৰৰ টিনপাত

Share

 সলনি কৰা হ’ব ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ টিনপাত। ১৯৬২ চনৰ পিছত প্ৰথমবাৰৰ বাবে  বৰপেটা সত্ৰৰ টিনপাতবোৰ সলনি কৰা হ’ব। উল্লেখযোগ্য যে বিগত ৬২ বছৰ ধৰি বৰপেটাৰ সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাতবোৰ সলনি কৰা হোৱা নাছিল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰত উপস্হিত হৈ আনুষ্ঠানিকভাৱে টিন লগাই এই কাৰ্যৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰৰ মেৰামতিৰ নামত এক কোটি টকা আৱণ্টন দিয়ে। উক্ত দিনটোত মন্ত্ৰী ড° ৰণোজ পেগু, ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বৰপেটা সত্ৰত উপস্হিত থাকে। ৰাজ্য চৰকাৰ এই পদক্ষেপক আদৰণি জনায় বিভিন্নজনে

Leave a Reply

Your email address will not be published. Required fields are marked *