বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণে বিশ্ববাসীক স্থগিত কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰখনত বসবাস কৰা হিন্দু তথা ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সুৰক্ষাৰ দাবী জনাই ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী সমদল উলিওৱা দেখা গৈছে।
উল্লেখযোগ্য যে বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ ওপৰত চলোৱা আক্ৰমণ সন্দৰ্ভত মাৰ্কিণ যুক্তৰাষ্ট্ৰৰ হুৱাইট হাউচৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যালয়ৰ উপ মুখপাত্ৰ ফাৰহান হ’কে এই আক্ৰমণৰ ঘটনাক গৰিহণা দিছে আনহাতে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন নেতা মহম্মদ য়ুনুচে প্ৰতিবাদত আগভাগ লৈ ছাত্ৰ সমাজক হিন্দু, খ্ৰীষ্টান, বৌদ্ধ সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষাত গুৰুত্ব দিবলৈ আহ্বান জনায়।