আমেৰিকাৰ ছানফ্ৰান্সিছক’ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল জাকিৰ হুছেইনে।হৃদৰোগৰ লগতে উচ্চ ৰক্তচাপ ৰোগৰ সৈতে আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী। অৱশেষত ৭৩ বছৰ বয়সত দেওঁবাৰে দেহাৱসান ঘটে বিখ্যাত শিল্পী জাকিৰ হুছেইনৰ।মৃত্যুৰ খবৰ পায় দেশবাসীৰ লগতে বহুতো প্ৰখ্যাত লোকে শোক প্ৰকাশ কৰিছে। ১৯৫১ চনত মুম্বাইত জন্মগ্ৰহণ কৰা তবলা বাদক ওস্তাদ আল্লা ৰাখাৰ পুত্ৰ আছিল জাকিৰ।সংগীত আৰু কঠোৰ অধ্যয়সায়ৰ প্ৰতি তেওঁ প্ৰাৰম্ভিক আগ্ৰহে তেওঁক বিশ্বৰ অন্যতম তবলা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।সুৰ ছন্দ আৰু বাদ্যযন্ত্ৰৰ সৈতে জাকিৰ হুছেইনৰ অসাম্য দক্ষতা তথা সুজনশীলতাই তেওঁক সমগ্ৰ বিশ্বতে সন্মানৰ পাত্ৰ কৰি উঠিছিল।এজন প্ৰশিক্ষক হিচাপেও তেওঁ নতুন প্ৰজন্মৰ সংগীততঞ্জসকলৰ প্ৰতি অতি সমৰ্পিত আছিল।জাকিৰ হুছেইনে আন্তৰ্জাতিক সংগীত মহোৎসৱকে ধৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে সমগ্ৰ বিশ্বৰ শিল্পীসকলক একত্ৰিত কৰিছে।ইয়াৰ উদ্দেশ্য হৈছে সংগীতৰ জৰিয়তে সাংস্কৃতিক বিনিময় আৰু পাৰস্পৰিক সন্মান বৃদ্ধি কৰা।জাকিৰ হুছেইন অতি কম বয়সৰ পৰাই তবলা শিকিবলৈ আৰম্ভ কৰিছিল।তেওঁৰ প্ৰথম গুৰু তেওঁৰ পিতৃ যাৰ পৰাই তেওঁ ১১ বছৰ বয়সৰ পৰাই সংগীতৰ প্ৰশিক্ষন লৈছিল।সংগীত জগতলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল।১২ বছৰ বয়সত জাকিৰ হুছেইনে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ এক অনুষ্ঠান কৰিছিল।১৯৭৩ চনত জাকিৰৰ প্ৰথম এলবাম লিভিং ইন দ্যা মেটেৰিল ৱাৰ্ল্ড মুক্তি লাভ কৰিছিল।১৯৯৭ চনত জাকিৰে ছাবানা আজামী নামৰ ছবিত অভিনয় কৰিছিল।প্ৰায় ১২ খন ছবিত অভিনয় কৰিছিল জাকিৰে।জাকিৰ হুছেইনক প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ কাউন্সিলে গুল্ড ডমিনিয়ন ফেলো হিচাপে নামাকৰন কৰিছিল।ইয়াৰ লগতে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপকো আছিল তেওঁ।অতি কম সময়ৰ ভিতৰতে জাকিৰ হুছেইনে বিশ্বৰ এগৰাকী নামী দামী তবলা বাদক হৈ পৰিছিল।জাকিৰ হুছেইনে নিজৰ জীৱনকালত বহু বঁটা লগতে বহুতো সন্মান পাবলৈ সক্ষম হৈছিল।জাকিৰ হুছেইনে ৫টা গ্ৰেমী এৱাৰ্ড,১৯৮৮ চনত পদ্মশ্ৰী,২০২২ চনত পদ্মভূষন আৰু ২০২৩ চনত পদ্মবিভূষণ লাভ কৰিছিল।ইয়াৰ উপৰিও আন বহু সন্মান পাবলৈ সক্ষম হৈছিল শিল্পীগৰাকী।জাকৰিৰৰ মৃত্যুয়ে সংগীত জগতখনলৈ এক অপূৰণীয় ক্ষতি।