পুনৰ ঘোচকাণ্ড! ৪০ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ আবকাৰীৰ কনিষ্টবল

Share
ডিজিটেল ডেস্কঃ পুনৰ চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ। এইবাৰ ভিজিলেন্সনৰ অভিযান চলিল ওদালগুৰিৰ আবকাৰী বিভাগৰ কাৰ্যালয়ত। ৪০ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল আবকাৰীৰ কনিষ্টবল ।এই ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা কনিষ্টবল জনৰ নাম তৰুণ বসুমতাৰী।
জানিব পৰা মতে, এজন ভুক্তভোগীৰ পৰা আবকাৰী আইন উলংঘনৰ গোচৰ ৰুজু নকৰাৰ বাবদ ৪০ হাজাৰ টকা ঘোচ দাবী কৰিছিল আবকাৰী কনিষ্টবল তৰুণ বসুমতাৰীয়ে। ঘোচ লোৱাৰ মুহূৰ্ততে ভিজিলেন্সনৰ অভিযানকাৰীৰ দলৰ হাতত গ্ৰেপ্তাৰ হয় তৰুণ বসুমতাৰী। এই কথা টুইটযোগে প্ৰকাশ কৰিলে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী জি পি সিঙে। 

Leave a Reply

Your email address will not be published. Required fields are marked *