দেশৰ জ্যেষ্ঠ নাগৰিকলৈও আয়ুষ্মান ভাৰতৰ সুবিধা

Share

পূৰ্বৰ আয়ুষ্মান ভাৰতৰ সংস্কাৰ সাধন কৰি এতিয়াৰে পৰা বয়োজ্যেষ্ঠ অৰ্থাৎ দেশৰ সত্তৰ বছৰৰ উৰ্দ্ধৰ নাগৰিকৰ বাবেও প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে স্বাস্থ্য বীমা আঁচনি,আয়ুষ্মান বয়ঃ বন্দনা কাৰ্ড।নতুন দিল্লীত এটা অনুষ্ঠানত এই আঁচনিৰ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে-“চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাবৰ বাবে ৭০ বছৰ বা তাৰ উৰ্দ্ধৰ ব্যক্তিসকলক চৰকাৰে এখন আয়ুষ্মান বয়ঃ বন্দনা কাৰ্ড প্ৰদান কৰিব।” অৱশ্যে কিছু ৰাজনৈতিক কাৰণৱসত দিল্লী আৰু পশ্চিমবংগৰ প্ৰবীণ নাগৰিকসকল প্ৰধানমন্ত্ৰীৰ এই অভিলাষী প্ৰকল্পৰ পৰা বঞ্চিত হ’ব কিয়নো উক্ত ৰাজ্য দুখনে কেন্দ্ৰৰ এই প্ৰকল্প ৰূপায়ন নকৰে।লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে-“যিসকল জ্যেষ্ঠ নাগৰিকে অৰ্থৰ অভাৱত স্বাস্থ্যক লৈ উদ্বিগ্নতাক ভুগি থাকিবলগীয়া হৈছে,তেওঁলোকে এতিয়া আয়ুষ্মান কাৰ্ডৰ জৰিয়তে স্বাভিমানেৰে জীয়াই থাকিব পাৰিব।”

Leave a Reply

Your email address will not be published. Required fields are marked *