পাঁচদিনীয়া কাৰ্যসূচীৰে  ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পঞ্চদশ অসম বিধানসভা অধিৱেশন সভাৰ শৰৎকালীন অধিৱেশন

Share

নিউজ ডেস্কঃ এই বৰ্ষৰ অসম পঞ্চদশ অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন ১২ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। এই বৰ্ষৰ শৰৎকালীন অধিৱেশন পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব। ১২,১৩,১৫,১৬ আৰু ১৯ ছেপ্টেম্বৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অধিৱেশন অনুষ্ঠিত কৰা হ’ব। পাঁচদিনীয়া কাৰ্যসূচী অনুসৰি  প্ৰথমদিনা প্ৰশ্ন শিতান, মৃত্যু প্ৰসংগৰ লগতে অধ্যক্ষই অধিৱেশনৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰিব আৰু কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব। দ্বিতীয় দিনা বেচৰকাৰী সদস্যৰ বিধেয়ক দাখিল,সংকল্প প্ৰস্তাব আদি আলোচনা কৰা হ’ব ।

তৃতীয় দিনা প্ৰশ্নৰ শিতান, ২০২২-২৩ চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী, ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কসমূহ উপস্থাপন,পৰিপূৰক বিনিয়োজনৰ ওপৰত আলোচনা কৰা হ’ব। চতুৰ্থ দিনা চৰকাৰী বিধেয়কসমূহৰ বিবেচনা পাতিকৰণ,  প্ৰশ্নৰ শিতান আলোচনা কৰা হ’ব।

অন্তিম দিনাও প্ৰশ্নৰ শিতান, অসমাপ্ত চৰকাৰী কাৰ্যসূচী, চৰকাৰী বিধেয়কসমূহৰ বিবেচনা আৰু পাতিকৰণ আলোচনা কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *