কাঞ্চনজংঘাৰ শীৰ্ষত দুই অসমীয়াই উৰুৱালে ত্ৰিৰংগা আৰু অসমৰ স্বাভিমান গামোচা

Share

বিশ্বৰ তৃতীয়  সৰ্বোচ্চ পৰ্বত শৃংগ কাঞ্চনজংঘাৰ শীৰ্ষত দুই অসমীয়া পৰ্বত আৰোহীয়ে উৰুৱালে ত্ৰিৰংগা আৰু অসমীয়াৰ স্বাভিমান গামোচা। অসম সন্তান পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে  ৰচিলে ইতিহাস। অসম পৰ্বতাৰোহী সংস্থাৰ হৈ পৰ্বত আৰোহণত নামিছিল পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথ ।  বৃহস্পতিবাৰে পুৱা ৭ বাজি ১৫ মিনিটত পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কাঞ্চনজংঘাত উপস্থিত হৈ গামোচা আৰু ত্ৰিৰংগা উৰুৱাই পুনৰ গৌৰৱান্বিত কৰিলে অসমবাসীক। পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথৰ সফলতাত এক টুইটযোগে অভিনন্দন জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ 

উল্লেখ্য যে, ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ পৃষ্ঠপোষকতা আৰম্ভ হৈছিল মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ । মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুয়ে ফ্লেগ অফ কৰিছিল। আৰু এই অভিযানৰ আৰম্ভ কৰি দুই অসমীয়া ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে সফলতা অৰ্জন কৰিলে কাঞ্চনজংঘাৰ শীৰ্ষ শৃংগত  অসমৰ মান গামোচা উৰুৱায় । 

মাউণ্ট কাঞ্চনজংঘা ২০২৩ অভিযানত ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথৰ উপৰিও মানস বৰুৱাৰ নেতৃত্বত যোৱা দলটোত আন পাচঁগৰাকী পৰ্বতাৰোহীও আছিল। মানস বৰুৱাৰ নেতৃত্বত যোৱা দলটোত আছিল, ডাঃ জগদীশ বসুমতাৰী, উপেন চক্ৰৱৰ্তী, কৌশিক দাস , ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ । 

Leave a Reply

Your email address will not be published. Required fields are marked *