বহু বাক-বিতণ্ডাৰ অন্তত মুকলি আকাশৰ তলত মহাদেৱৰূপী বিৰিঞ্চি বৰা !

Share

শণিবাৰে হঠাত নগাঁৱৰ ৰাজপথত দেখা পোৱা গৈছিল এটি দৃশ্য । দৃশ্য মানে এখন ব্যতিক্ৰমী বাটৰ নাট ।য’ত বেশ ধাৰণ কৰিছিল মহাদেৱ-পাৰ্ৱতী ৰূপত । মহাদেৱৰূপী বিৰিঞ্চি বৰা আৰু তেওঁৰ এগৰাকী  সহযোগীয়ে দৈনন্দিন জীৱনত অত্যাৱশ্য়কীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে একপ্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল শিৱ-পাৰ্ৱতীৰ বেশ ধাৰণেৰে ।তাৰ পাছতে বাটৰ নাটে নতুন মোৰ লোৱা পৰিলক্ষিত হ’ল । কিয়নো বাটৰ নাটখনৰ প্ৰদৰ্শনৰ পাছতে বিভিন্ন দল-সংগঠনে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ তুলি মহাদেৱৰূপী বিৰিঞ্চি বৰাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ।

আৰু উক্ত এজাহাৰৰ ভিত্তিতেই  নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিৰিঞ্চি বৰাক । তাৰ পাছতে সৃষ্টি হ’বলৈ লয় ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ । কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জানিব পাৰি বিৰিঞ্চি বৰাক এৰি দিবলৈ নিৰ্দেশ দিয়ে নগাঁও আৰক্ষীক ।মুখ্যমন্ত্ৰীৰ হস্তক্ষেপতে আজি মুকলি আকাশৰ তললৈ  ওলাই আহে মহাদেৱৰূপী বিৰিঞ্চি বৰা । তদুপৰি , নগাঁৱত শিৱ- পাৰ্ৱতীৰ বাটৰ নাট সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি লিখিছিল যে –‘ সাম্প্ৰতিক বিষয়ক লৈ বাটৰ নাট কৰাটো দোষণীয় নহয় । আপত্তিজনক কথা ন’হলে সাজ-পোচাক পৰিধান কৰাটো অপৰাধ নহয়,যদিহে তাত অপৰাধমূলক কথা উল্লেখিত নহয়।  

Leave a Reply

Your email address will not be published. Required fields are marked *