সুদীৰ্ঘ বিৰতিৰ অন্তত বিৰাটৰ বেটৰ পৰা আহিল শতক

Share
ডিজিটেল ডেস্কঃ ২০১৯ৰ পিছত ২০২২, সুদীৰ্ঘ অপেক্ষাৰ অন্ত পিছত অৱশেষত বিৰাটৰ বেটৰ পৰা আহিল শতক। ২০২০ চনৰ ২৩ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা দিবা-নৈশ টেষ্টত শেষবাৰৰ বাবে শতক অৰ্জন কৰিছিল বিৰাটে। তাৰ পিছত ক্ৰিকেটৰ কোনো এটা খেলতে শতকৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল বিৰাট কোহলীয়ে।
কিন্তু বৃহস্পতিবাৰে ডুবাইত অনুষ্ঠিত হোৱা এছিয়া কাপৰ মেচত আফগানিস্তানৰ বিৰুদ্ধে দুৰ্দান্ত ৰূপত দেখা গ’ল বিৰাটক। মেচখনত কেৰিয়াৰৰ ৭১ তম শতক অৰ্জন কৰিলে বিৰাটে। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত সুদীৰ্ঘ অপেক্ষাৰ পিছত বিৰাটে সংগ্ৰহ কৰিলে প্ৰথমটো শতক।

Leave a Reply

Your email address will not be published. Required fields are marked *