৫০ বছৰৰ পাছত পুনৰ চন্দ্ৰলৈ মহাকাশচাৰী

Share

৫০ বছৰৰ পাছত পুনৰ ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহত মহাকাশলৈ উৰা মাৰিব আৰ্টেমিছ ২ । অশেষ আশা বুকুত বান্ধি ১৯৭২ চনত অন্তিম বাৰলৈ উৰা মাৰিছিল এটা দল । তাৰপাছত বিভিন্ন কাৰণ বশতঃ আজিলৈ চন্দ্ৰলৈ যোৱা সম্ভৱ হৈ উঠা নাই ।সম্ভৱ হৈ নুঠিলেও চন্দ্ৰলৈ উৰা মৰা প্ৰচেষ্টা অব্যাহত আছে বিভিন্ন মহাকাশ গৱেষণা কেন্দ্ৰৰ । যাৰ বাবেই নাছাৰ আৰ্টেমিছ ২ অভিযানৰ জৰিয়তে পুনৰ এবাৰ চন্দ্ৰলৈ যোৱাৰ প্ৰচেষ্টা কৰিব কিছু মহাকাশচাৰীয়ে । ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহত মহাকাশলৈ উৰা মাৰিব আৰ্টেমিছ ২।

কিন্ত এই পৰ্যন্ত নাছাই মহাকাশচাৰীসকলৰ নাম সদৰী কৰা নাই । মহাকাশচাৰীৰ এই  চাৰি জনীয়া দলটিয়ে ২.২ মিলিয়ন কিলোমিটাৰ অতিক্ৰম কৰিব । চাৰি জনীয়া দলটিত থাকিব ৩ জনকৈ নাছাৰ মহাকাশচাৰী আৰু এগৰাকী কানাডিয়ান স্পেছ এজেন্সীৰ মহাকাশচাৰী ।

উল্লেখযোগ্য যে , সকলোবোৰ নাছাই অতি সোনকালে সদৰী কৰিব ।আগন্তক এপ্ৰিলৰ ৩ তাৰিখে এই চাৰি গৰাকী মহাকাশচাৰীৰ নাম  ৰাজহুৱা কৰিব নাছাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *