অসমৰ পৰ্যটন ক্ষেত্ৰ কাজিৰঙালৈ সুখবৰ

Share

যোৱা ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰাৰ এমাহৰ ভিতৰতে ঘটা ৩৫ হাজাৰ পৰ্যটকৰ আগমনে ৰাষ্ট্ৰীয় উদ্যান তথা পৰ্যটন ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে সুখৰ বতৰা।তদুপৰি শেহতীয়াকৈ যোৱা ১৫ নৱেম্বৰত বুঢ়াপাহাৰ বনাঞ্চলত জীপ ছাফাৰী আৰু ইয়াৰো পূৰ্বে যোৱা ১ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনত হাতী ছাফাৰী মুকলি কৰা হৈছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তথ্য অনুসৰি উক্ত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰে ৩৫ হাজাৰ দেশী-বিদেশী  পৰ্যটকে । উল্লেখ্য যে ইয়াৰে ১,২৮০ গৰাকী পৰ্যটক হৈছে বিদেশী। ইয়াৰোপৰি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, পৰ্যটনক্ষেত্ৰখন মুকলি কৰাৰ পৰা প্ৰথম ৩০ দিনত জীপ ছাফাৰীৰ পৰা ৭৫ লাখ ৰাজহ সংগ্ৰহ কৰাৰ সমান্তৰাতভাৱে হাতী ছাফাৰীত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হৈছে ৪ লাখ।এমাহৰ ভিতৰতে পৰ্যটন ক্ষেত্ৰখনত হোৱা এই সাফল্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ সুখবৰ কঢ়িয়াই আনিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *