পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান, ১১ খেলুৱৈৰ সাফল্যত গৌৰাম্বিত ৰাজ্যবাসী

Share

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ  নাম উজ্জ্বলিল অসমৰ  ১১ গৰাকী খেলুৱৈৰ । প্ৰথম বাৰৰ বাবে অনুষ্ঠিত নেশ্যনেল ইণ্ডৰ মাৰ্চিয়েল আৰ্টছ ইভেণ্ট – টাং চ্যু ডুত অসমৰ ১১  গৰাকীকৈ খেলুৱৈয়ে পদক  লাভ  কৰিবলৈ সক্ষম হৈছে ।

২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়াকৈ দিল্লীৰ টালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰিয় প্ৰতিযোগিতাখনত অসমৰ মুঠ ১৩ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু তাৰে ১১ গৰাকীয়ে বিজয়ী হৈ অসমলৈ গৌৰৱ  কঢ়িয়াই আনিবলৈ  সক্ষম হয় ।

এই প্ৰতিযোগিতাখনত সোণৰ পদক লাভ কৰিছে ১১ বছৰ অনুৰ্ধৰ জয়শ্ৰী গগৈ আৰু ১৮ বছৰ অনুৰ্ধৰ ৫৫ কেজি শাখাত  বিতুপন বৰুৱাই। দ্বিতীয় স্থান লাভ কৰে ১১ বছৰ অনুৰ্ধ্বৰ খানিম কুমাৰ গগৈ, ১৪ বছৰ অনুৰ্ধ্বৰ ৩৯ কেজি শাখাত মুহিত  তান্তি, ১৮ বছৰৰ অনুৰ্ধৰ ৪৯ কেজি শাখাত অভিনৱ গগৈ, ১৮ বছৰৰ ওপৰৰ শাখাৰ ৫৫ কেজি শাখাত দেৱজিৎ দুৱৰীয়ে আৰু ব্ৰঞ্জৰ পদক লাভ কৰে । ক্ৰমে, ১১ বছৰ অনুৰ্ধ্বৰ ৩১ কেজি শাখাত প্ৰৰণা চাংমাই, ১৪ বছৰ অনুৰ্ধ্বৰ ৪৫ কেজি শাখাত প্ৰণামিকা চাংমাই, ১৮ বছৰ অনুৰ্ধ্বৰ ৪৬ কেজি শাখাত লৱনুজ বৰগোহাঁই, ১৮ বছৰ অনুৰ্ধ্বৰ ৬৫ কেজি শাখাত সুভ আগৰৱালা আৰু ১৮ বছৰ ওপৰৰ ৫৫ কেজি শাখাত শশাংক গগৈয়ে বিভিন্ন শাখাত পদক পাবলৈ সক্ষম হয়।

খেলুৱৈসকলৰ এনে সফলতাত অসম টাং চ্যু ডু সন্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁইয়ে সকলোকে শুভেচ্ছামুলক বাৰ্তা  প্ৰদান কৰে। তেওঁ লগতে খেলুৱৈসকলে ভৱিষ্যতে অধিক সফলতা লাভ কৰিব বুলি আশা ৰাখিছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *