চেইলিঙত সোণৰ পদক অৰ্জন কৰিলে অসমৰ নিশামণি বৰাই

Share

অসমখনত প্ৰতিভাশালী নাৰীৰ কোনো অভাৱ নাই ৷ তাৰে এক উদাহৰণ হৈছে হিমা দাস আৰু লাভলীনা বৰগোঁহাই  ৷ তেনে ক্ষেত্ৰত ক্ৰীড়া জগতখনত পুনৰ এক অসমৰ লগতে দেশৰ বাবে সুনাম কঢ়িয়াই আনিছে অসম কন্যা নিশামণি বৰাই  ৷ চেইলিঙত সোণৰ পদক অৰ্জন কৰি সাগৰৰ বুকুত উৰুৱালে বিজয় নিচান ৷  দুঃসাহসিকতাৰে চেইলিং ক্ৰীড়াত আগবাঢ়িছিল অসমৰ কন্যা নিশামণি বৰাই ৷ যোৱা ১ মে’ ৰ পৰা ৪ মে’ লৈ অনুষ্ঠিত হোৱা গোৱাৰ নেভী অ’ পেন উইন ছাৰফিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল নিশামণিয়ে আৰু অৱশেষত ৯ গৰাকী প্ৰতিযোগীক হৰুৱাই সোণৰ পদক অৰ্জন কৰিলে নিশামণি বৰাই ৷ সৰুৰ পৰাই দুৰ্বাৰ সাহস আৰু উদ্যম হেপাঁহ বুকুত কঢ়িয়াই লৈ ফুৰিছিল ক্ৰীড়াবিধ গৰাকীয়ে  ৷ অৱশেষত সপোনৰ বাটেৰে বাট বুলাই চেইলিঙত সোণৰ পদক জয় কৰি জিলিকালে অসমৰ নাম  ৷ নগাজুৰি অঞ্চলৰ বিপুল বৰা আৰু ৰুণু বৰাৰ কন্যা নিশামণি বৰাৰ এই  সাফল্যত গৌৰাম্বিত হৈছে এতিয়া সৰুপথাৰ  ৷ এই  সফলতাৰ বাবে ক্ৰীড়াবিধ গৰাকীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনালে বিভিন্ন দল সংগঠনে  ৷ সোণৰ পদক জয় কৰি বৰ্তমান  উ९ফুল্লিত  হৈ পৰিছে ক্ৰীড়াবিধ গৰাকী ৷ নিশামণিয়ে এক সংবাদ মাধ্যমত কোৱা অনুসৰি এন. চি. চি এজন জেষ্ঠ ব্যক্তিয়ে চেইলিঙত সহায় কৰিছিল আৰু নিৰ্দেশনা দিছিল ৷ শ্বিলং ৰমিয়াম লেকত আছিল নিশামণিৰ চেইলিং যাত্ৰাৰ প্ৰথমটো খোজ আৰু তাৰ লগে লগে উ९সুকতা বাঢ়িছিল নিশামণি ৷ ঠিক তেনেকৈ এখোজ দুখোজকৈ আগবাঢ়িছিল চেইলিঙৰ জগতখনত ৷ ভোপালত প্ৰশিক্ষণ লৈ চেইলিং বৰ্ডখনেৰে সাগৰৰ তলিলৈ গৈছিল নিশামণিয়ে ৷ বৰ্তমানত অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা চেইলিং ক্ৰীড়া হিচাপে লিপিৱদ্ধ কৰা হ’ল নিশামণিৰ নাম ৷ নিশামণিৰ বৰ্তমান লক্ষ্য হৈছে এছিয়ান গেমছ  ৷ ২০২৬ চনত এছিয়ান গেমছ অংশগ্ৰহণ কৰাৰ পৰিকল্পনা নিশামণি বৰাৰ ৷ ইয়াৰোপৰি নিশামণিৰ সফলতাত সম্বৰ্ধনা জনালে বিধায়ক বিশ্বজি९ ফুকনে ৷ আহিবলগীয়া দিনত ক্ৰীড়াবিধ গৰাকীক আৰ্থিক দিশত সহায় কৰাৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি কথা দিলে বিধায়ক বিশ্বজি९ ফুকনে ৷ সকলোৰে এতিয়া মাথোঁ এটাই আশা লক্ষ্যৰ দিশত আগুৱাই যাওঁক আৰু সুনাম কঢ়িয়াই আনক  সমগ্ৰ দেশৰ লগতে অসমলৈ ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *