পেৰিছ অলিম্পিক ২০২৪ত পদক লাভৰ পৰা বঞ্চিত হ’লেও দেশৰ প্ৰায় ১৪০ কোটি জনসাধাৰণৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অসম সন্তান গৰাকীয়ে পৰৱৰ্তী অলিম্পিকৰ বাবে এতিয়াৰে পৰা সাজু হৈছে। কাৰণ দেশবাসীৰ লগতে অসমৰ লাখ লাখ ক্রীড়ানুৰাগীৰ আশা বাস্তৱত ৰূপায়িত কৰিবলৈ প্রতিজ্ঞাবদ্ধ লাভলীনা।অসম এমেচাৰ বক্সিও এঘ’চিয়েশ্যনৰ উদ্যোগত আন্তর্জাতিক পৰ্য্যায়ৰ বক্সাৰ লাভলীনা বৰগোহাঁইক সম্বর্ধনা জনোৱাৰ উদ্দেশ্য আয়োজন কৰা অনুষ্ঠানত লাভলীনাই বক্তব্য আগবঢ়াই কয় যে “পৰাজিত হৈ অহাৰ পিছতো মোক সকলোৱে সমৰ্থন কৰিছে। মোক সমালোচনা কৰাৰ বিপৰীতে সকলোৱে উৎসাহ যোগাইছে। সদায় নিজকে মই সাজু কৰিম যাতে অসমৰ বাবে মই কিবা এটা কৰিব পাৰিম”
এই অনুষ্ঠানতে লাভলীনাই উল্লেখ কৰে যে “আগন্তুক অলিম্পিকৰ বাবে মই এতিয়াৰ পৰাই সাজু হৈছোঁ”।মুঠৰ উপৰত লাভলীনাৰ এনে বক্তব্যই ৰাজ্যবাসীৰ বাবে আশাৰ বতৰা আনিছে।