আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ জীয়ৰী

Share

গুৱাহাটী,৬ জানুৱাৰীঃনতুন বছৰতে অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে   আন এক ভাল খবৰ।আন্তৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে সৰুপথাৰৰ আন এগৰাকী জীয়ৰীয়ে।জলকুঁৱৰী ৰূপত জিলিকিছে সৰুপথাৰৰ নিশামণি বৰাই।আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ উইণ্ড চাৰ্ফিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে নিশামণি বৰাই।কেৰেলাত অনুষ্ঠিত “বেপুৰ আন্ত ৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে সৰুপথাৰৰ জীয়ৰী গৰাকীয়ে।লাভলীনা,নয়নমণিৰ পিছতে নিশামণিৰ এই সাফল্যই সৰুপথাৰৰ লগতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *