বলিউডত অসম সন্তান ! পিছে বলিউড তাৰকা আমিৰখানৰ ‘লাল সিং চাড্ডা’  ছবিত কোন এইজন অসম সন্তান

Share

লাল সিং চাড্ডা  !বহু প্ৰত্যাশিত অপেক্ষাৰ অন্তত ইতিমধ্যে ১১ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিলে আমিৰখানৰ ‘লাল সিং চাড্ডা’ ছবিখন। কিয়নো, বলিউড তাৰকা আমিৰখানৰ অভিনয় আৰু ব্যক্তিত্ব হয়তো আৰু নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। বলিউডৰ বিশেষ জনপ্ৰিয়তাৰ তালিকাত স্থান দখলৰ ভিতৰত আমিৰখান অন্যতম আৰু সুকীয়া । পিছে এইবাৰ আমিৰখানৰ ‘লাল সিং চাড্ডা’ ছৱিখনত অভিনয় কৰা দেখিবলৈ পোৱা গ’ল এগৰাকী অসম সন্তান ।বৰ্তমান সামাজিক মাধ্যমত চৰ্চাত কোন এইগৰাকী অসম সন্তান  ? বলিউডত অভিনয় কৰা সেই অসম সন্তানগৰাকী আন কোনো নহয়, যোৰহাটৰ অনুপ পেগু । লাল সিং চাড্ডা ছৱিখনত এজন সৈনিকৰ ৰূপত অভিনয় কৰিছে যোৰহাটৰ অনুপ পেগুৱে ।

বলিউডৰ ছৱিত অসম সন্তানক দেখিব পৰাতো এক গৌৰৱৰ বিষয়ে হিচাপেও মন্তব্য কৰা পৰিলক্ষিত হৈছে বিভিন্নজনে ।প্ৰথমে মডেলিং জগত ! তাৰ পাছতে বলিউডত খোজ পেলাইছিল এইগৰাকী অনুপ পেগুৱে।জীৱনৰ কেৰিয়াৰ হিচাপে ‘ছয়ন আৰব গেইলে না’ নামৰ এখন ভোজপুৰী ছবিৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল এইগৰাকী অভিনেতাই ।তাৰ পাছতে বলিউডৰ কেইবাখনো ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল অসম সন্তান অনুপ পেগুৱে । ‘সূৰ্যবংশী’ , ‘মালং’, তেৱেগু ছবি ‘ঘানি’ , ‘বিক্ৰম ভেদা’ , ‘গুঞ্জন ছাস্কেনাঃ দ্যা কাৰ্গিল গাৰ্ল’ , ‘কুলী নং ১’ , ‘দৰবাৰ’ , ‘দাবাং৩’  আৰু ৰাধে আদি কৰি কেইবাখলো ছবিত দূৰ্দান্ত অভিনয় প্ৰদৰ্শন কৰিছিল অসমৰ অনুপ পেগুৱে । লখিমপুৰৰ পৰা স্কুলীয়া জীৱন সমাপ্ত কৰি দিল্লীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ব্যস্ত হৈ পৰিছিল মডেলিংৰ বহু প্ৰখ্যাত কোম্পানীৰ মডেল হিচাপে।তাৰ পাছতে বলিউড জগতত এনেদৰে প্ৰৱেশ কৰাৰ পাছতে উতফুল্লিত হৈ পৰিছে অনুপৰ বহু অনুৰাগী ।    

Leave a Reply

Your email address will not be published. Required fields are marked *