বৃহৎ হাৰত বহিঃৰাজ্যত ৰপ্তানি অসমৰ কৃষি সামগ্ৰী

Share

অসমত উৎপাদিত কৃষিজাত সামগ্ৰী বৃহৎ হাৰত  বহিঃৰাজ্যত  ৰপ্তানি কৰিবলৈ সক্ষম হৈছে অসমৰ কৃষকসকল। বহিঃৰাজ্যৰ পৰা আমদানী কৰা সামগ্ৰী আঁতৰাই অসম এতিয়া প্ৰায়বোৰ সামগ্ৰী উৎপাদনতে স্বাৱলম্বী । চাহ ৰপ্তানিৰ পৰা পাচলিকে ধৰি বিভিন্ন কৃষি সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পাইছে বহিঃৰাজ্যত । ৰাজ্যৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে, ভোট জলকীয়া, নেমু, জহা চাউল, ক’লা চাউল,লিচু, ৰঙালাও, কঁঠাল, পাণ, হালধি ইত্যাদিৰ লগতে হস্ততাঁত-বস্ত্ৰশিল্প আৰু বাহেৰে নিৰ্মিত সামগ্ৰী।

কৃষি বিভাগে সদৰি কৰা অনুসৰি বিশ্বৰ প্ৰায় ৮০ খন দেশলৈ অসমৰ পৰা কৃষি সামগ্ৰী ৰপ্তানি হোৱা আৰম্ভ হৈছে।  বিগত ৫/৬ বছৰৰ তুলনাত সম্প্ৰতি ৮০ শতাংশ ৰপ্তানি বৃদ্ধি পাইছে । কেৱল ব্ৰিটেইন, ৰাছিয়া, আমেৰিকা ইত্যাদি দেশতেই নহয়, অসমৰ চুবুৰীয়া ভুটান, বাংলাদেশ আৰু নেপাললৈ নিয়মীয়া গতিত ৰপ্তানি হৈ আছে।  ৰপ্তানি হোৱা এই সামগ্ৰীসমূহৰ অধিকাংশই হ’ল জৈৱিকভাৱে উৎপাদিত। কিয়নো উন্নত ৰাষ্ট্ৰসমূহে ৰাসায়নিকভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় নকৰে। গতিকে, এতিয়া অসম চৰকাৰে জৈৱিক সামগ্ৰীৰ ওপৰত প্ৰমাণ-পত্ৰ প্ৰদানৰ ব্যৱস্থা সূচল কৰিছে।

ফেডাৰেচন অৱ ইণ্ডিয়া এক্সপ’ট অৰ্গেনাইজেচন চমুকৈ এফ আই ই অ’ৰ  সঞ্চালকপ্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া ড° অজয় সাহাই উল্লেখ কৰা মতে, ২০২২ চনৰ ডিচেম্বৰলৈকে অসমে ৩,০৮১ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰিছিল। আৰু অহা এপ্ৰিল মাহলৈ এই সংখ্যা চাৰি হাজাৰ কোটি টকা অতিক্ৰম কৰিব বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *