অসমীয়া সাহিত্যৰ লেখক অতুল মজুমদাৰলৈ ছিনিয়ৰ ফিলশ্বিপ বঁটা প্ৰদান

Share
সাহিত্যিক পেঞ্চনাৰ অসম সাহিত্য সভাৰ অস্থায়ী সদস্য় ,শৰাইঘাট সাহিত্য সভাৰ উপ সভাপতি ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শন ফ’ৰামৰ সভাপতি বিশিষ্ট নাট সমালোচক অসমৰ দৈনিক অমনকে ধৰি বিভিন্ন ভাষাৰ সাহিত্য সংস্কৃতি বিষয়ৰ লেখাৰ লেখক অতুল মজুমদাৰলৈ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ চেন্টাৰ ফৰ কালচাৰেল ৰিছৰ্চেছ এন ট্ৰেইনিঙৰ ২০২০-২১ বৰ্ষৰ ছিনিয়ৰ ফিলশ্বিপ  আগবঢ়োৱা হৈছে।
 উল্লখযোগ্য যে,অতীত আৰু বৰ্তমান সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক দষ্টিৰ বিষয়ত দুবছৰীয়া গবেষণাৰ বাবে তেওঁলৈ এই জলপানী আগবঢ়োৱা হৈছে ।
আনহাতে, মঞ্চপ্ৰভাৱৰ অচ্যুত লহৰৰ জীৱন আধাৰিত উপন্য়াস ৰংঙৰ নানা চং কে ধৰি বিগত কুৰি বছৰৰ তেওঁৰ ভ্ৰাম্য়মাণ থিয়েটাৰ বিষয়ৰ চাৰিখন গ্ৰন্থ প্ৰকাশ পাইছে বিভিন্ন বিষয়ৰ তেওঁৰ এতিয়ালৈকে প্ৰকাশিত গ্ৰন্থৰ সংখ্যা আঠখন।আৰু তেওঁৰ চাৰিখন গ্ৰন্থৰ ইতিমধ্যে প্ৰকাশৰ পথত আছে। ৰাভা দিৱসৰ দিনা মালিগাৱঁৰ শৰাইঘাট সাহিত্য় সমাহৰ সহযোগত আৰু বৃহত্তৰ বি চি ডলনী সাংস্কৃতিক মঞ্চৰ উদ্য়োগত আয়োজিত সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত তেওঁক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *