পুনৰবাৰ এলাগী কৰা হ’ল অসমীয়া ভাষাক

Share

পুনৰ উপেক্ষিত হৈ ৰ’ল ইউনিক’ডত অসমীয়া ভাষা।অসম সাহিত্য সভাৰ প্ৰতিনিধিয়ে একমাহ পূৰ্বে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল চিঠি। চিঠিৰ জৰিয়তে মুখ্যমন্ত্ৰীক সাহিত্য সভাৰ প্ৰতিনিধিয়ে অসমীয়া ভাষা অৱহেলিত হোৱা কথা জনাইছিলে।এই সন্দৰ্ভত ৰাজ্যচৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে যোৱা ৭ টা মাহত অনুষ্ঠিত কৰিব নোৱাৰিলে এখনো বৈঠক। তৎসত্বেও আজি পৰ্যন্ত কোনো ধৰণৰ সহাৰি লাভ নকৰিলে অসম সাহিত্য সভাই ।স্বতন্ত্ৰ লিপি হিচাপে ১৯৯২ চনলৈ স্বীকৃতিপ্ৰাপ্ত অসমীয়া ভাষাটোক হঠাতে কেন্দ্ৰই নাকচ কৰাৰ পিছতেই বহু চাঞ্চ্যলকৰ সৃৃষ্টি হৈছে। ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাক স্বীকৃতি প্ৰদানৰ চেষ্টা অব্যাহত থকাৰ সময়তে ইউনিক’ডত অসমীয়া ভাষা অৱহেলা কৰাৰ বাবে ৰাজ্যখনৰ সকলো প্ৰান্ততে প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *