ডুবাইত জিলিকিল অসমৰ নৃত্যশিল্পী ৰুবি বৰা বৰদলৈ

Share

নিউজ ডেস্কঃ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ইন্টাৰনেচনেল কালচাৰেল কনক্লেভ নামৰ অনুস্থান এটিয়ে ডুবাইত এক সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰে। এই সাংস্কৃতিক সমাৰোহ ১৩ আগষ্টৰ পৰ ১৬ আগষ্টলৈ চলা হৈছিল। ডুবাইৰ মণ্ডল অৱ এমেৰিটাছত এই সাংস্কৃতিক অনুষ্ঠানটি আয়োজিত কৰা হৈছিল। এই সাংস্কৃতিক সমাৰোহত নৃত্য শিল্পী ৰুবি বৰা বৰদলৈ আৰু তেওঁৰ কন্যা ভায়লিনা বৰদলৈয়ে নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। লগতে ৰুবি বৰা বৰদলৈৰ তত্ত্বাৱধানত যোৱা অসমভেলী স্কুল আৰু নুপুৰ নৃত্যাংগনাৰ ছাত্ৰ-ছাত্ৰীয়ে নৃত্য পৰিৱেশন কৰি কেবাটাও শাখাত পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *