নিউজ ডেস্কঃ বুধবাৰে ৰাজ্য চৰকাৰৰ আনন্দৰাম বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ” মানৱ সম্পদ সৃষ্টিৰ বাবে ৰাজ্যখনে নিজকে সাজু কৰিব পাৰিছে। যোৱা এটা দশকত আন্দোলন ,সংগ্ৰাম কমাৰ লগে লগে অসমৰ ছাত্ৰ-ছাত্ৰী নতুন সাহস, প্ৰেৰণাৰে আগবাঢ়িছে। শিক্ষাৰ পৰিৱেশ ধৰি ৰাখিব পাৰিলে অসম বহু আগুৱাই যাব। ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু শিক্ষা খণ্ডত জি ডি পি ৬ শতাংশই বিনিয়োগ কৰিছে। ২০৩০ চনৰ ভিতৰত ৰাজ্যত ৩ হাজাৰলৈ মেডিকেল আসনৰ সংখ্যা বৃদ্ধি পাব।”
উল্লেখ্য যে, এই বঁটা প্ৰদান অনুষ্ঠানটিত মুঠ ২২,৬০১ গৰাকী শিক্ষাৰ্থীক ১৬ হাজাৰকৈ টকা আনন্দৰাম বঁটা হিচাপে প্ৰদান কৰে। ষ্টাৰ মাৰ্ক প্ৰাপ্ত আৰু ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক বেংক একাউন্টযোগে এই বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানটি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কৰা হৈছিল। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, শিক্ষা ব্যৱস্থা সফল হ’বলৈ হ’লে শিক্ষক, ছাত্ৰ-ছাত্ৰী , অভিভাৱকৰ আন্তঃগাঁথনি লাগিব।
এই অনুষ্ঠানটিত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগু ও উপস্থিত থাকে।