অসমৰ ক্ৰিকেট জগতলৈ সুখবৰ কঢ়িয়াই আনিছে অসমৰ কন্য়া জিণ্টিমণি কলিতাই।প্ৰথমবাৰৰ বাবে মুম্বাই ইণ্ডিয়ানছত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ আই পি এলত খেলাৰ সুযোগ লাভ কৰিছে মঙলদৈৰ জিণ্টিমণি কলিতাই।আজি মুম্বাইত অনুষ্ঠিত খেলখনত খেলিবৰ বাবে অসমৰ এইগৰাকী ক্ৰিকেটাৰক ১০ লাখ টকাত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছ দলে।জিণ্টিমণিয়ে সামগ্ৰিকভাৱে তৃতীয় আৰু ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ ৰূপে আই পি এলত খেলাৰ সুযোগ লাভ কৰিছে।
আই পি এলত খেলিবলৈ সুযোগ পোৱা জিণ্টিমণিৰ ঘৰ মঙলদৈ চহৰৰ শান্তিপুৰত।জলসিঞ্চন বিভাগৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী নকুল কলিতা আৰু শেৱালি কলিতাৰ কন্য়া জিণ্টিমণিয়ে স্থান লাভ কৰাৰ লগে লগে তেওঁৰ ঘৰলৈ আত্মীয় স্বজনৰ আগমন ঘটিছে।এই খবৰে আনন্দিত কৰি তোলা জিণ্টিমণিয়ে কয় যে আই পি এলৰ নিচিনা বৃহৎ প্ৰতিযোগিতাত সুযোগ পোৱাৰ পিছত তেওঁ এই সুযোগৰ সদ ব্য়ৱহাৰ কৰিবলৈ বদ্ধপৰিকৰ।আনহাতে,ভাৰতৰ দীপ্তি শৰ্মাক লক্ষ্ণৌৰ দলে ২.৬০ কোটি আৰু আৰুশেফালি বাৰ্মাক গুজৰাটে ২ কোটিতকৈ ক্ৰয় কৰে।
তদুপৰি আজি কোটিপতি হোৱা খোলুৱৈসকলৰ তালিকাত আছে হৰমনপ্ৰাতি কৌৰ,ৰেণুকা সিং ঠাকুৰ,দেৱিকা ডাহিয়া।কোটিপতি হোৱা খেলুৱৈসকলৰ ভিতৰত আছে এলিছ পেৰী,মাৰিজেন কেপ,মেগ লেনিং,ছবনিম ইছমাইল আৰুএমেলিয়া কেৰ।