অসমৰ চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ

Share
সংসদৰ মজিয়াত অসমৰ চাহক ৰাষ্ট্ৰীয় মৰ্যাদা দিবলৈ ৰাজ্যসভাত আহ্বান জনায় সাংসদগৰাকীয়ে।পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে ২০২৩ বৰ্ষত অসমৰ চাহে২০০ বছৰ সম্পূৰ্ণ কৰিব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনৰ লগতে কেন্দ্ৰীয় চৰকাৰেও চাহৰ দুশবছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।সাংসদগৰাকীৰ মতে চাহৰ বিভিন্ন পনীয়াৰ বিপণী আছে,কিন্তু এয়া  কেতিয়াও চাহ হ’ব নোৱাৰে।সাংসদগৰাকীয়ে ২০০ বছৰ সম্পূৰ্ণ কৰিব ওলোৱা অসমৰ চাহৰ লগতে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে ঘোষণা কৰাৰ বাবে আজি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।হিন্দীত ভাষণ আগবঢ়োৱা সাংসদগৰাকীৰ এই আহ্বানক আজি সংসদত উপস্থিত থকা সাংসদসকলে সমৰ্থন জনোৱা পৰিলক্ষিত হয়।
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *